NORTHEAST NOW (Assamese)

বিশ্বনাথত ২১ টা গৰুসহ আটক দুই গো-সৰবৰাহকাৰী

March 17, 2023 9:19 pm · এন ই নাও নিউজ, গুৱাহাটী

শুক্ৰবাৰে পুৱা বিশ্বনাথ আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা ২১টা গৰু জব্দ কৰিছে। লগতে আটক কৰিছে এই গৰুসমূহ সৰবৰাহৰ লগত জড়িত থকা দুজন লোকক।

এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অবৈধভাৱে গৰুম’হ সৰবৰাহ কৰা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে। এক সূত্ৰই জনোৱা মতে, লখিমপুৰৰ পৰা বিশ্বনাথ হৈ দৰং অভিমুখে গৈ আছিল ট্ৰাকখন। এ এছ২৫চি চি ৯৬৭৮ পঞ্জীয়ন নম্বৰৰ ট্ৰাকখনে গৰু কেইটা কঢ়িয়াই আনিছিল।

চালক আৰু হেণ্ডিমেন দুজন হৈছে ক্ৰমে সহদাত সাহানী আৰু ৰিকি আহমেদ। দুয়োজনেই ছিপাঝাৰৰ বাসিন্দা বুলি জানিবলৈ পোৱা গৈছে।

জানিব পৰা মতে, গৰুকেইটা অন্য ৰাজ্যলৈ লৈ যোৱা হৈছিল। বিষয়টোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Related News