NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত দুই গাঞ্জা ব্যৱসায়ী গুলীবিদ্ধ,এক কোটি টকা মূল্যৰ গাঞ্জা জব্দ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 10, 2021 4:31 pm
gan

কোকৰাঝাৰত এইবাৰ আৰক্ষীৰ গুলীত আহত হৈছে দুই গাঞ্জা ব্যৱসায়ী ক্ৰমে ৰহমতউল্লা খান (কৰিমগঞ্জ) আৰু ৰমেশ কুমাৰ(ৰাজস্থান)।

এনএল০৭এএ ,০৪৩০ নম্বৰেৰ ট্ৰাকেৰে ৮৫০ কেজি মণিপুৰী গাঞ্জা বহি:ৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লওঁতেই আৰক্ষীয়ে অসম-বংগৰ সীমান্তৰ শ্ৰীৰামপুৰত দুয়োটা গাঞ্জা বেপৰীক ৮৫০কেজি গাঞ্জা , ট্ৰাকসহ কৰায়ত্ব কৰে ।

আৰক্ষীয়ে গাঞ্জা বেপাৰী দুটাক সোধপোছ কৰোতে বিছমুৰী এলেকাৰ আলেঙগীত কিছু গাঞ্জা লুকুৱাই থোৱাৰ তথ্য সদৰি কৰে ।

সেইমতে আৰক্ষীয়ে কালি নিশাই গাঞ্জা বেপাৰী দুটাক লৈ বিছমুৰী এলেকাত লুকুৱাই থোৱা গাঞ্জাৰ সন্ধানত তালাচী চলাওতেই গাঞ্জা বেপাৰী দুটাই আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে।

আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰাত দুয়োটা গাঞ্জা ব্যৱসায়ী ক্ৰমে ৰহমত উল্লা খান আৰু ৰমেশ কুমাৰ আহত হয় ।

আৰক্ষীয়ে আহত গাঞ্জা বেপাৰী দুটাক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।