NORTHEAST NOW (Assamese)

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত দুই বাংলাদেশী নাগৰিকক আটক

November 24, 2022 7:20 pm · এন ই নাও নিউজ, গুৱাহাটী

বৈধ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত অসমৰ কাছাৰ জিলাত দুজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰা হৈছে।

অভিযুক্ত দুজনক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিলচৰ ৰে’ল ষ্টেচনত আটক কৰা হয়।

বাতৰি অনুসৰি, দুই বাংলাদেশী নাগৰিকক খোকন ফকীৰ আৰু মিজানুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক: কেমেৰুনক ১-০ গোলত পৰাস্ত কৰি বিশ্বকাপত অভিযান আৰম্ভ কৰিলে চুইজাৰলেণ্ডে

অভিযোগ অনুসৰি দুয়োজনে ১৭ অক্টোবৰত সীমান্ত পাৰাপাৰ কৰা অবৈধ চক্ৰৰ সহায়ত ভাৰতত প্ৰৱেশ কৰিছিল।

জানিব পৰা মতে তেওঁলোক কেৰালাত নিযুক্ত আছিল আৰু শিলচৰৰ পৰা কেৰালালৈ গৈ আছিল।

তেওঁলোকক জিম্মাত লোৱা হৈছে আৰু তদন্ত আৰম্ভ হৈছে।

লগতে পঢ়ক: জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! চীনত এদিনতে কোভিডত আক্ৰান্ত ৩১ হাজাৰ; বেছিভাগেই উপসৰ্গহীন

আৰক্ষীয়ে তেওঁলোকক সীমান্তৰ পৰা কেনেকৈ ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল সেয়া  উলিয়াবলৈ চেষ্টা কৰি আছে।

Related News