NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত অক্সিজেন ভৰ্তি ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ; গুৰুতৰভাৱে আহত দুজন

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ June 1, 2021 3:29 pm
Sibsagar accident photo

মঙলবাৰে দুপৰীয়া শিৱসাগৰত অক্সিজেন ভৰ্তি ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোত বাইক আৰোহী দুজন যুৱক গুৰুতৰভাৱে আহত হৈছে।

শিৱসাগৰৰ গেমং দলংৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

যোৰহাটৰ দিশে গৈ থকা অক্সিজেন ভৰ্তি ট্ৰাকখনে শিৱসাগৰ দিশে আহি থকা পালচাৰ বাইকত মুখামুখিকৈ খুন্দা মাৰে। ফলত বাইক আৰোহী দুই যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পিছত স্থানীয় লোকে বাইক আৰোহী দুজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হৈছে AS04W6735। আহাতে, ট্ৰাকখনৰ নম্বৰ হৈছে AS03BC2900।

ইপিনে অক্সিজেন ভৰ্তি ট্ৰাকখনৰ চালক আৰু হেন্দিমেনজন ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।