NORTHEAST NOW (Assamese)

পেহেলগামৰ আক্ৰমণকাৰীক আশ্ৰয় দি NIA-ৰ জালত দুজন, চিনাক্ত হৈছে তিনি লস্কৰ-ই তৈয়বাৰ সন্ত্ৰাসবাদী

June 22, 2025 12:53 pm · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰাৰ ঠিক দুমাহৰ পাছত দেওবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ঘোষণা কৰে যে আক্ৰমণকাৰীক আশ্ৰয় আৰু লজিষ্টিক সহায় আগবঢ়োৱা বুলি অভিযোগ উত্থাপন কৰা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

২২ এপ্ৰিলত সংঘটিত হোৱা ২৫ জন পৰ্যটক আৰু এজন স্থানীয় লোক নিহত হোৱা আক্ৰমণত জড়িত তিনিজন সন্ত্ৰাসবাদীৰ নামো প্ৰকাশ কৰিছে, তাৰে দুজনৰ নাম পৰৱাইজ আহমদ জোথাৰ আৰু বছিৰ আহমদ জোথাৰ।

তদন্ত অনুসৰি পাৰৱাইজ আৰু বছিৰে আক্ৰমণৰ পূৰ্বে জানি-বুজিয়েই হিল পাৰ্কৰ এটা জুপুৰিত তিনিওজন অস্ত্ৰধাৰী সন্ত্ৰাসবাদীক আশ্ৰয় দিছিল বুলি সংস্থাটোৱে লগতে কয়।

সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে ১৯৬৭ চনৰ অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৯ ​​নং ধাৰাত গ্ৰেপ্তাৰ কৰিছে এই দুটা সন্ত্ৰাসবাদীক।

Related News