NORTHEAST NOW (Assamese)
অসম

জাগুণত নদীত গা ধুবলৈ গৈ দুই কণমানি শিশু সন্ধানহীন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 7:43 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুণ আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়ীদিহিং নদীৰ অৰুণাচল ঘাটত আজি নদীত গা ধুবলৈ গৈ দুগৰাকী কণমানি শিশু সন্ধানহীন হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গা ধুবলৈ গৈ সন্ধানহীন হোৱা শিশু দুটা হ’ল ক্ৰমে ৰাণী পাটিৰ(৮) আৰু জেৰীণা ময়ং(৬)।

জানিব পৰা মতে, জাগুনৰ কাৰপংপুলি গাঁৱৰ নিবাসী দুই কণমানি ক্ৰমে ৰাণী পাটিৰ আৰু জেৰীণা ময়ঙে আজি ৰাতিপুৱা ৯ মান বজাত নদীত গা ধুবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল।

আনহাতে, ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে এছ ডি আৰ এফ বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে কণমানি দুটাৰ কোনোধৰণৰ সন্ধান লাভ কৰা হোৱা নায়।

দুয়োটা শিশু গা ধুবলৈ গৈ সন্ধানহীন হোৱাৰ পাছৰে পৰা পৰিয়ালৰ লোকৰ মাজত শোকৰ বন্যা বৈছে।