NORTHEAST NOW (Assamese)

‘পুলিৎজাৰ’ৰ মঞ্চত সজল মুহূৰ্ত! মৃত পিতৃৰ বঁটা গ্ৰহণ কৰিবলৈ আহিল দুই কণমানি সন্তান

October 23, 2022 7:59 am · এন ই নাও নিউজ, গুৱাহাটী

profound moment on the Pulitzer-stage আফগানিস্তানত সাংবাদিক হিচাপে কাম কৰি থকা সময়তে তেওঁ নিহত হৈছিল।  এতিয়া তেওঁ সমগ্ৰ বিশ্বৰ এজন পৰিচিত মুখ ৰয়টাৰ্ছৰ ফটো সাংবাদিক ডেনিছ চিদ্দিকী। তেওঁৰ কামৰ স্বীকৃতিস্বৰূপে তেওঁ লাভ কৰিছিল সন্মানীয় পুলিৎজাৰ বঁটা।

কিন্তু তেওঁ এতিয়া এই পৃথিৱীত নাই। সেয়েহে তেওঁৰ দুই কণমানি সন্তান ছয় বছৰীয়া ইউনুছ চিদ্দিকী আৰু চাৰি বছৰীয়া চাৰা চিদ্দিকী বঁটা ল’বলৈ পুলিৎজাৰৰ মঞ্চলৈ আহিছিল।

ৰহিংগীয়াৰ ওপৰত ডকুমেন্টেশ্যনৰ কামত তেওঁৰ অৱদান পাহৰিব নোৱাৰা। দীৰ্ঘদিন ধৰি তেওঁ ৰহিংগীয়াসকলৰ দুখ, বেদনা আৰু কষ্টৰ সাক্ষী হৈ আহিছিল। ইয়াৰ বাবে তেওঁ ২০১৮ চনতো পুলিৎজাৰ বঁটা লাভ কৰিছিল।

তেওঁ কোভিড-১৯ ৰ সময়ছোৱাত বিহাৰলৈও গৈছিল। নিজৰ চকুৰে কেমেৰাৰ লেন্সেৰে তেওঁ কৰোনাৰ মাৰাত্মক ৰূপটো দেখিছিল। পিছত তেওঁ তালিবানৰ আক্ৰমণ আৰু আফগানিস্তান দখলদাৰীৰ ফটো তুলিবলৈ গৈছিল। নিয়তিয়ে যেন  তেওঁক তালৈ টানি নিছিল। তাতেই এটা বৰ্ণাঢ্য জীৱনৰ সমাপ্তি ঘটিল। কিন্তু তেওঁৰ দৰে এজন মানুহৰ জীৱন কেতিয়াও শেষ নহয়।

তেওঁৰ কাম, তেওঁৰ কলা, তেওঁৰ সৃজনশীলতাৰ স্বীকৃতিস্বৰূপে পুলিৎজাৰ কৰ্তৃপক্ষই আকৌ এবাৰ তেওঁক পুলিৎজাৰ ঊঁটাৰে সন্মানিত কৰিবলৈ বাধ্য হৈছিল। আৰু দ্বিতীয়বাৰ সেই পুৰস্কাৰ ল’বলৈ তেওঁৰ দুই কণমানি সন্তান নিউয়ৰ্কৰ মঞ্চত উপস্থিত হৈছিল।

পুত্ৰৰ কামৰ কথা মনত পেলাই ডেনিছৰ দেউতাক আখটাৰ চিদ্দিকীয়ে কয় যে তেওঁৰ পুত্ৰৰ কামক স্বীকৃতি পোৱা দেখি তেওঁ অত্যন্ত সুখী। তেওঁ কয়, “ডেনিছ এতিয়া আমাৰ সৈতে নাই, কিন্তু তেওঁৰ এনে কাম আছে যিয়ে আজিও আমাক গৌৰৱান্বিত আৰু সুখী কৰে। এই বঁটা তেওঁৰ কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু মূল্য-সংযোজিত সাংবাদিকতাৰ কৃতিত্ব।‘’

তেওঁ জানিবলৈ দিয়ে যে ডেনিছে কৰোনা কালত বহুত ভ্ৰমণ কৰিছে। ঘৰত দুটা কণমানি সন্তান আছে। তেওঁলোকৰ সংক্ৰমণৰ ভয় আছিল। কিন্তু তেওঁ একো চিন্তা কৰা নাছিল। তেওঁ দূৰে দূৰে ঘূৰি ফুৰিছিল।

Related News