NORTHEAST NOW (Assamese)
অসম

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ দুটি শিশুৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2020 2:59 pm
index

মহানগৰীত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বৃহস্পতিবাৰে দুটি শিশু কৰুণভাৱে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে।

মহানগৰীৰ ৱায়াৰলেছৰ বশিষ্টপুৰৰ এক নম্বৰ উপপথত নিজ গৃহতে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত শিশু দুটি আৱদ্ধ হৈ পৰিছিল।

মুহূৰ্ততে জুইয়ে আৱৰি ধৰা ঘৰটোত উপায়হীন শিশু দুটিয়ে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অগ্নিকাণ্ডৰ ফলত প্ৰাণ হেৰুৱায় ইশান গোস্বামী (৪) আৰু ইবন গোস্বামী(৭) নামৰ শিশু দুটিয়ে।

শিশু দুটিৰ আছিল তুষাৰ গোস্বামী নামৰ লোকজনৰ সন্তান। শিশু দুটিৰ মাতৃৰ হৈছে শিল্পী গোস্বামী।

নিহত শিশু দুটি গুৱাহাটী শ্ৰীমন্ত শংকৰ একাডেমীৰ ছাত্ৰ আছিল।

index2
ফটো: নৰ্থইষ্টট নাও

চিলিণ্ডাৰ বিষ্ফোৰণৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

পিতৃ-মাতৃ ঘৰত নথকা সময়তে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত অগ্নি আৰু আপদকালীন সেৱাৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়।

শিশু দুটিৰ পিতৃ তুষাৰ গোস্বামী এগৰাকী ভূতত্ত্ববিদ আৰু কৰ্মসূত্ৰে প্ৰায়েই বাহিৰত থাকে বুলি জানিব পৰা গৈছে।