NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্বহীদ দিৱস

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা November 8, 2020 1:59 pm
20201108_094351

দুদিনীয়া কাৰ্য‍্যসূচীৰে মাধ‍্যম আন্দোলনৰ শ্বহীদ নৰেন্দ্ৰ নাথ সোঁৱৰণী অনুষ্ঠানৰ আজি পুৱা কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

কলিয়াবৰ ছাত্ৰ সন্থাৰ উদ‍্যোগত আয়োজিত মাধ‍্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণত বিগত  বছৰসমূহৰ দৰেই এই বছৰো বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

দেওবাৰে পুৱা ৫:৩০ বজাৰ পৰা অনুষ্ঠিত হয় ৩৩ সংখ‍্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন প্ৰতিযোগিতা। প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাবে উদ্বোধন কৰে  কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে।

প্ৰতিযোগিতাখনৰ সমাপ্তিত বিজয়ীসকলক বঁটা বিতৰণ কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগে।

কলিয়াবৰত অনুষ্ঠিত সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ এই বৰ্ষৰ ফলাফলত প্ৰথম স্থান লাভ কৰে যোৰহাটৰ বিজয় ডেকা¸ দ্বিতীয় স্থান লাভ কৰে মৰিগাঁৱৰ সুৰুজ দাস আৰু তৃতীয় স্থান লাভ কৰে গোলাঘাটৰ খগেন কুৰ্মীয়ে।

উল্লেখ্য যে মাৰাথান দৌৰ প্ৰতিযোগিতাত মুঠ ১৫৮ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

আনহাতে, এই বৰ্ষৰ কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ বিশেষ আকৰ্ষণ আছিল জাগীৰোডৰ প্রায় ৫৫ বছৰ বয়সীয়া দেৱকান্ত বৰদলৈ।

পেছাত এজন শিক্ষক দেৱকান্ত বৰদলৈয়ে খেলৰ প্ৰতি থকা অনুৰাগ আৰু সহযোগী প্ৰতিযোগী সকলক উৎসাহ দিয়াৰ বাবেই মাৰথান দৌৰৰ লগতে বিভিন্ন খেলত নিজকে জড়িত কৰি ভাল পায় বুলি জানিবলৈ দিয়ে।