NORTHEAST NOW (Assamese)
Popular Stories

নেপালতো বিজেপিৰ চৰকাৰ! বিপ্লৱ দেৱৰ মন্তব্যক লৈ নেপাল চৰকাৰৰ তীব্ৰ প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 10:38 am
নেপালতো বিজেপিৰ চৰকাৰ! বিপ্লৱ দেৱৰ মন্তব্যক লৈ নেপাল চৰকাৰৰ তীব্ৰ প্ৰতিক্ৰিয়া

নেপাল চৰকাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ এটা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিপ্লৱ দেৱে শনিবাৰে আগৰতলাৰ এখন দলীয় সভাত কৈছিল যে অমিত শ্বাহে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নেপাল আৰু শ্ৰীলংকাতো প্ৰতিষ্ঠা কৰিবলৈ পৰিকল্পনা কৰিছে।

নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালীয়ে মঙলবাৰে কয় যে চৰকাৰে বিপ্লৱ দেৱৰ বক্তব্যটো গভীৰভীৱে লৈছে আৰু নেপালৰ ৰাষ্ট্ৰদূতে ভাৰত চৰকাৰলৈ প্ৰতিক্ৰিয়া প্ৰেৰণ কৰিছে।

নেপালৰ শাসনাধিষ্ট কমিউনিষ্ট পাৰ্টি আৰু বিৰোধী দল নেপালী কংগ্ৰেছে বিপ্লৱ দেৱৰ এই মন্তব্যই নেপালৰ সাৰ্বভৌমত্বক আঘাত কৰা বুলি অভিহিত কৰিছে।

বিপ্লৱ দেৱৰ বক্তব্যক সমৰ্থন কৰি ত্ৰিপুৰা বিজেপিৰ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্যই কয় যে দেৱে বিজেপিৰ আদৰ্শগত লক্ষ্যৰ কথা কৈছিল।

মুখপাত্ৰজনে কয় যে যদি নেপালত কমিউনিষ্ট পাৰ্টি আৰু নেপালী কংগ্ৰেছ থাকিব পাৰে, তেন্তে ভাৰতীয় জনতা পাৰ্টি কিয় থাকিব নোৱাৰিব?

তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতীয় দৰ্শন আৰু সংস্কৃতিক দীৰ্ঘকালজুৰি বিভিন্ন দেশত সম্প্ৰসাৰণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।