NORTHEAST NOW (Assamese)
অসম

পাঁচদিনে বিকল ৫৬ কোটি টকীয়া ৰ’পৱে প্ৰকল্প : চেষ্টা কৰিও কাৰ্যক্ষম কৰাত বিফল অভিযন্তা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 30, 2020 6:19 pm
index.jpg

আৰম্ভ হোৱাৰ দুদিন পাছতেই কাৰিকৰী বিজুতি ঘটিছিল গুৱাহাটীৰ ৰ’পৱেৰ ইঞ্জিনত।

তাৰ পাছৰে পৰা আজি পৰ্যন্ত মুঠ পাঁচদিনে কাৰ্যক্ষম হৈ নুঠিল এই ৰ’পৱে।

বুধবাৰৰ পুৱাৰে পৰা বন্ধ ৰখা হৈছিল ৰ’পৱেৰ চলাচল।

ইঞ্জিনৰ কিছু বিজুতি হোৱাৰ বাবে বিদ্যুতৰ যোগানত ব্যাঘাত জন্মিছিল বুলি এক সুত্ৰত প্ৰকাশ পাইছে।

বিভিন্ন অভিযন্তা আৰু মেকানিকে বৰ্তমানলৈকে মেৰামতিৰ কাম চলাই আছে যদিও বৰ্তমানো কাৰ্যক্ষম হৈ উঠা নাই বুলি এক সূত্ৰই জনাইছে।

উল্লেখযোগ্য ৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছিল এই ৰ’পৱে সেৱা।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এই ৰ’পৱে সেৱা গুৱাহাটীবাসী ৰাইজৰ বাবে মুকলি কৰি দিছিল।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে “এই ৰ’পৱে গুৱাহাটী উন্নয়ন বিভাগৰ মানস পুত্ৰ।”

কিন্তু ভূমিষ্ঠ হৈয়ে দুদিনতে ৰোগত আক্ৰান্ত হৈ যেন বৰ্তমানো সুস্থ হৈ উঠা নাই এই ৰ’পৱে।

গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হৈছিল যদিও এতিয়া ৰ’পৱেত উঠাৰ হেঁপাহ মনতে পুহি পুনৰ উদাস মনৰে উভটিবলগীয়া হৈছে যাত্ৰীসকল।

ইমানখিনি উন্নত কাৰিকৰী কৌশল অৱলম্বন কৰিও আৰম্ভ হোৱাৰ দুদিন পাছতে এনেদৰে চলাচলত বাধা অহা প্ৰসংগটোৱে বা চাৰিদিনে কাৰ্যক্ষম কৰি তুলিব নোৱাৰা প্ৰসংগই পুনৰ এবাৰ প্ৰতিপন্ন কৰিলে GMDAৰ কৰ্মদক্ষতাহীনতাক।

২০০৯ চনত তৰুণ গগৈৰ চৰকাৰৰ দিনতে আধাৰশিলা স্থাপন কৰাৰ সুদীৰ্ঘ ১১ বছৰৰ পাছত সোমবাৰৰ পৰা ৰাইজৰ বাবে মুকলি কৰা হৈছিল এই ৰ’পৱে সেৱা।

১৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৱেই হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নদীৰ ওপৰত থকা দেশৰ দীৰ্ঘতম ৰ’পৱে।

উল্লেখ্য যে, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো লকডাউনৰ বাবে ৰ’পৱেটো মুকলি কৰিব পৰা হোৱা নাছিল।

এই ৰ’পৱেৰে এবাৰত ৩২ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে।

ৰ’পৱেৰে কেৱল এবাৰ যাত্ৰা কৰাৰ বাবদ প্ৰতি গৰাকী যাত্ৰীৰ পৰা ৬০ টকাকৈ ভাড়া লোৱা হয় আৰু একোজন যাত্ৰীয়ে অহা-যোৱাৰ বাবদ সমুদায় ১০০ টকা ভৰিব লাগে।