NORTHEAST NOW (Assamese)
অসম

ৰাইনাই আই পি এলৰ পৰা আঁতৰি যোৱাত আৱেগিক হৈ পৰিল এগৰাকী সতীৰ্থ খেলুৱৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 30, 2020 5:35 pm

আই পি এল ইতিহাসৰ সবাটোকৈ সফলতম বেটছমেন সুৰেশ ৰাইনাই চলিত বছৰৰ আই পি এলত অংশ নোলোৱাৰ খবৰে হতাশগ্ৰস্ত কৰি তুলিছে ক্ৰিকেটাৰগৰাকীৰ সতীৰ্থ খেলুৱৈক।

ৰাইনাৰ এই সিদ্ধান্তক লৈ চেন্নাই ছুপাৰ কিংছৰ বিস্ফোৰক বেটছমেন শ্বেন ৱাটছনে এটা আৱেগিকভৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত ৱাটছনে কয় যে টোপনিৰ পৰা উঠিয়েই বেয়া খবৰ পালো। সুৰেশ ৰাইনাই ব্যক্তিগত কাৰণৰ বাবে ভৰতলৈ উভটিলে।

তেওঁ লগতে কয় যে আমি আপোনাৰ লগত আছো আৰু আশা কৰিছো সকলো ঠিক ঠাকে থাকিব।

‍‘আপোনাক চি এছ কেত আমি সকলোৱে মিছ কৰিম। আৰম্ভণিৰে পৰা এই দলটোৰ সৈতে আছে আপুনি। এআপুনি চি এছ কেৰ বাবে হৃদয়ৰ স্পন্দন। কিন্তু এই মূহুৰ্তত সকলোতকৈ জৰুৰী কথাটো হ’ল আপুনি ঠিকেই থকাটো। আশা কৰিছো সকলো ঠিক হৈ যাব’, শ্বেন ৱাটছনৰ মন্তব্য।

উল্লেখ্য যে ১৯ ছেপ্তেম্বৰৰ পৰা য়ু এ ইৰ তিনিটা স্থানত হ’বলগীয়া ১৩ সংখ্যক আই পি এলত সুৰেশ ৰাইনাই নেখেলে বুলি শনিবাৰে চেন্নাই ছুপাৰ কিংছ কৰ্তৃপক্ষই টুইটযোগে জনাইছিল।

সুৰেশ ৰাইনাই ব্যক্তিগত কাৰণৰ বাবে য়ু এ ইৰ পৰা ভাৰতলৈ উভতি আহে।

উল্লেখযোগ্য যে, সুৰেশ ৰাইনাই ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।