NORTHEAST NOW (Assamese)

মূৰ্তি বিসৰ্জনত ঘটিল অঘটন; ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু দুগৰাকী যুৱতীৰ

October 31, 2019 10:35 am · এন ই নাও নিউজ
Updated: October 31, 2019 10:42 am
ফটো উৎস : বৰাক বুলেটিন

বুধবাৰে নিশা শিলচৰৰ মেহেৰপুৰত সংঘটিত এটি পথ দুৰ্ঘটনাত দুগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ লগতে আন কেইবা গৰাকীও লোক আহত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱা যুৱতী দুগৰাকী শিলচৰৰ দুৰ্গাপল্লীৰ নিবাসী পম্পা দে আৰু সোণালী দাস বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, নিশা এদল সমদলকাৰীয়ে কালী পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ থকাৰ সময়তে এখন তীব্ৰবেগী ট্ৰাকে সমদলটোৰ অধিকাংশকে মহতিয়াই নিয়ে। যাৰ ফলত দুগৰাকী যুৱতীৰ ঘটনাস্থলতে মৃত্যু হয় আৰু আন কেইবা গৰাকী লোক গুৰুতৰভাৱে অহাত হয়।

আহত সকলক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে দুজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আনহাতে এই দুৰ্ঘটনাৰ পিছতে একাংশ ক্ষুব্ধ লোকে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জ্বলাই দিয়াৰ লগতে ট্ৰাক চালকজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীত পথ অৱৰোধ কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।

ইফালে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰা একাংশ লোকে ট্ৰাকখনৰ চালকজনে সুৰা সেৱন কৰি আছিল বুলি জনায়।

Related News