NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন বিধায়ক জিতেন গগৈ,কুশল দুৱৰীসহ মুঠ পাঁচ জনক দুবছৰৰ কাৰাদণ্ড

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত March 5, 2022 3:08 pm

বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ আৰু তেওঁ সতীৰ্থ ডম্বৰুধৰ গগৈ, বাবু গগৈ আৰু তৰুণ বৰাৰ লগতে থাওঁৰাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক দুবছৰৰ বাবে কাৰাদণ্ড আৰু ৫ হেজাৰ টকাৰ জৰিমনা বিহিছে আদালতে ৷

২০০৯ চনৰ পৰা গোলাঘাটৰ আদালতত চলি থকা এক গোচৰৰ শুনানিৰ পিচত এই ৰায়দান কৰিছে আদালতে ৷

২০০৯ চনৰ ৭ মাৰ্চত তিনিখন জিপচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জৰ মিহিমুখৰ প্ৰৱেশদ্বাৰেদি সোমাই জিতেন গগৈয়ে কুশল দুৱৰীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যান খনৰ ঘিলাধাৰী ডুবিত জালেৰে মাছ মৰাৰ উপৰি এই কাৰ্যত বাধা দিয়াৰ বাবে সেই সময়ৰ কহঁৰা ৰেঞ্জৰ বনাঞ্চলিক বিষয়া ধৰণীধৰ বড়োক শাৰীৰিক ভাৱে অপদস্থও কৰিছিল।

তেওঁলোকে বন বিষয়াগৰাকীক এ কে ৪৭ ৰাইফল দেখুৱাই ভাবুকিও দিছিল ৷

এই ঘটনা সন্দৰ্ভত বন বিভাগে আদালতত গোচৰ তৰিছিল ৷ সুদীৰ্ঘ ১৩ বছৰ ধৰি চলা এলানি শুনানিৰ শেষত গোলাঘাটৰ আদালতে আজি দিয়া চূড়ান্ত ৰায়দানত ঘটনাত জড়িত বাবু গগৈ, তৰুণ বৰা আৰু ডম্বৰুধৰ গগৈ সহ জিতেন গগৈ তথা কুশল দুৱৰীক ১৯৭২ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ ৫১ ( ১) ধাৰা মতে দুবছৰৰ কাৰাদণ্ড বিহে। আদালতে  লগতে ঘটনাত ব্যৱহৃত এ কে ৪৭ বন্দুক আৰু তিনিখন জীপচী গাড়ীও জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

এই ৰায়দানৰ পিচতেই কাজিৰঙাৰ ‘স্বয়ম্ভু ৰজা ‘বুলি পৰিচয় দিয়া জিতেন গগৈ আৰু কুশল দুৱৰীক জেল হাজোতলৈ প্ৰেৰণ কৰা হ’বনে নাই তাকলৈ এতিয়া সবৰ্ত্ৰ চৰ্চা চলিছে ৷ চাঞ্চল্যৰ সৃষ্টি হৈছে বোকাখাত সমষ্টিতো ৷