NORTHEAST NOW (Assamese)
অসম

পছৰীয়াৰ ঐতিহাসিক বিল-জলাশয়ত বনিয়াৰ শেন চকু; চৰকাৰী ভূমি দখল কৰি উদ্যোগ স্থাপনৰ অভিযোগ

Posted by: মৃদুল প্ৰীতম ডেকা, কামৰূপ Updated by: মৃদুল প্ৰীতম ডেকা, কামৰূপ March 5, 2022 3:20 pm
Pacharia land grave

কামৰূপৰ পছৰীয়াৰ কৃষিভূমি বিল-জলাশয়ত এইবাৰ বণিয়াৰ শেন চকু পৰিছে। পছৰীয়াৰ পৰিৱেশ-পাৰিপাৰ্শ্বিকতাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই কৃষিভূমি বিল-জলাশয় পুতি অব্যাহত আছে বনিয়াৰ আগ্ৰাসন।

পছৰীয়া ঐতিহাসিক বিললৈ বনিয়াই এইদৰে কঢ়িয়াই আনিছে ভাবুকি।

দুষ্প্ৰাপ্য হাড়গিলাৰ বিচৰণ ভূমি হিচাপে পৰিগণিত পছৰীয়াৰ বিলত এতিয়া আগ্ৰাসন আৰম্ভ হৈছে। উদ্যোগ স্থাপনৰ নামত চৰকাৰী ভূমি দখল কৰি বিল,জান দখল কৰি বনিয়াই নিৰ্মাণ কৰিছে পথ।

পছৰীয়াৰ ঐতিহাসিক বিল জলাশয়ত “আলমেগা” নামৰ উদ্যোগ স্থাপনে অঞ্চলটোৰ পৰিবেশ-পাৰিপাৰ্শ্বিকতাৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰাত এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় লোক।

লগতে পঢ়ক: নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ পৰা অতি বিৰল প্ৰজাতি ৰেড চেৰ’ বা দেও ছাগলী উদ্ধাৰ

পছৰীয়াৰ এটাৰ পাছত আন এটা অঞ্চলত বনিয়াই ভয়াবহভাবে আগ্ৰাসন চলাই যধে মধে উদ্যোগ স্থাপন কৰাৰ পাছত এতিয়া ঐতিহাসিক বিল, জান পুতি আগ্ৰাসন চলোৱা ঘটনাই অঞ্চলটোৰ লোকসকলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা দিছে।

পৰিৱেশ-পাৰিপাৰ্শ্বিকতাৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰিব পৰা এই উদ্যোগ স্থাপনৰ বাবে কেনেদৰে অনুমতি লাভ কৰে এই সমূহ কোম্পানীয়ে? কেনেকৈ নীতি বহিৰ্ভূতভাৱে দখল কৰিব পাৰে চৰকাৰী বিল, জান আদি?

মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে বনিয়াৰ এই আগ্ৰাসনক লৈ চিন্তিত স্থানীয় লোক।