NORTHEAST NOW (Assamese)

আই পি এলত আত্মপ্ৰকাশৰ আশাৰে মুম্বাই ইণ্ডিয়ানছৰ ট্ৰায়েল কেম্পত উত্তৰ-পূবৰ দুই বেগী বলাৰ

October 25, 2019 4:09 pm · এন ই নাও নিউজ
অজয় সৰকাৰ আৰু মুড়া সিং

২০২০ আই পি এল টি-২০ত শক্তিশালী মুম্বাই ইণ্ডিয়ানছৰ হৈ অভিষেকৰ ক্ষেত্ৰত আশাবাদী হৈ উঠিছে ত্ৰিপুৰাৰ দুই আগশাৰীৰ বেগী বলাৰ মণিশংকৰ মুড়া সিং আৰু অজয় সৰকাৰ।

সদ্যসমাপ্ত বিজয় হাজাৰে ট্ৰফীত দাঙি ধৰা দুৰ্দান্ত বলিং প্ৰদৰ্শনৰ ফলশ্ৰুতিতে দুয়োগৰাকী বেগী বলাৰক মুম্বাই ইণ্ডিয়ানছে তেওঁলোকৰ ট্ৰায়েল কেম্পলৈ নিমন্ত্ৰণ জনায়।

২৩ অক্টোবৰত দুয়োগৰাকী ত্ৰিপুৰাৰ বেগী বলাৰে মুম্বাই ইণ্ডিয়ানছৰ ট্ৰায়েল কেম্পত প্ৰশিক্ষকৰ সন্মুখত বলিং কৰে।

উল্লেখযোগ্য যে, বিজয় হাজাৰে ট্ৰফীত মণিশংকৰে ৯ খন খেলত ১৫ টা আৰু অজয়ে ২৩ টা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ট্ৰায়েল কেম্পত বলিং কৰি দুয়োগৰাকী খেলুৱৈয়ে আগন্তুক আই পি এলত দলটোৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

এতিয়া ২০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ নিলামত দুয়োগৰাকীৰ আই পি এলৰ ভবিষ্যত সম্পৰ্কে স্পষ্টকৈ জানিব পৰা যাব।

Related News