NORTHEAST NOW (Assamese)
অসম

ৰক্ষকেই ভক্ষক! কাজিৰঙাত বনকৰ্মীৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গৰ টুকুৰা: দুজনক আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 3, 2021 3:03 pm
d2

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত শনিবাৰৰ দিনা উদ্যান কৰ্তৃপক্ষই চলোৱা অভিযানত এটুকুৰা গঁড়ৰ খৰ্গৰে সৈতে উদ্যানতে কৰ্মৰত এজন গৃহৰক্ষীৰ জোৱান আৰু এজন বনকৰ্মীক আটক কৰে ৷

এক গোপন সুত্ৰৰ পম খেদি কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত চলা এই অভিযানত ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মী চনিয়া ওৰাং আৰু গৃহৰক্ষী জোৱান দ্বিপেন নাথৰ পৰা গঁড়ৰ খৰ্গৰ টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

কাজিৰঙাৰ ডি এফ অ ‘ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত চলোৱা এই অভিযানত গঁড় খৰ্গৰ টুকুৰাৰে সৈতে দুয়োকে আটক কৰা হয় ৷

জানিব পৰা মতে যোৱা বৰ্ষত ধৃত বনকৰ্মী দুজনে ৰাষ্ট্ৰীয় উদ্যানত পৰি ৰোৱা একাধিক গঁড়ৰ খৰ্গ উদ্ধাৰ কৰি কৰ্ত়পক্ষক জমা দিছিল যদিও ইয়াৰে এটা টুকুৰা সংগোপনে লুকুৱাই ৰাখি ব্যৱসায়ীৰ সন্ধান কৰিছিল ৷

ইতিমধ্যে ৰাজ্যত লক ডাউন ঘোষণা হোৱাৰ বাবে খৰ্গৰ টুকুৰাটো লৈ বিপদত পৰিছিল দুয়ো ৷

শেহতীয়াকৈ দুয়োজনৰ মাজত সৃষ্টি হোৱা মনোমালিন্যৰ বাবে খৰ্গৰ টুকুৰাটোৰ কথা পোহৰলৈ আহে আৰু দুয়োজনকে হাতে লোটে ধৰিবলৈ সক্ষম হয় ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷

ঘটনা সম্পৰ্কত বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে বিষয়াজনে ৷