NORTHEAST NOW (Assamese)
অসম

পৰীক্ষা বিতৰ্ক: বিকল্প মূল্যায়ন পদ্ধতিৰ ৫ নং দফা বাতিলৰ দাবী

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক July 3, 2021 3:24 pm
HSLC-Exam.-File-photo-768x503

কভিড মহামাৰীৰৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি চৰকাৰে হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰি গ্ৰহণ কৰা বিকল্প মূল্যায়ণ পদ্ধতিৰ ৫ নং দফাৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছুৱে।

আজি এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলাম আৰু সাধাৰণ সম্পাদক টাইছন হুছেইনে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰি কয় যে নতুন মূল্যায়ন পদ্ধতিৰ ৫ নং দফাত উল্লেখ থকা অনুসৰি এই পদ্ধতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীয়ে উক্ত মাৰ্কশ্বীট আৰু প্ৰমাণ পত্ৰ কোনো চাকৰিৰ বাবে আৱেদনৰ যোগ্য নোহোৱা বিষয়টোৱেই ছাত্ৰ-ছাত্ৰীসকলক অন্ধকাৰ ভৱিষ্যতৰ ফালে ঠেলি দিব।

শিক্ষাগ্ৰহণৰ বাবে এখন মাৰ্কশ্বীট আৰু চাকৰিৰ বাবে আন এখন মাৰ্কশ্বীটৰ ব্যৱস্থাৰ কথা উল্লেখ থকা বিকল্প মূল্যায়ন পদ্ধতিৰ ৫ নং দফাটো বাতিল কৰিবলৈ এবিএমছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকে দাবী জনাই চৰকাৰক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি নেখেলিবলৈ সকীয়াই দিয়ে।