NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ হালোৱাটিঙত ভয়ংকৰ অগ্নিকাণ্ড

Posted by: ৰাজীৱ দত্ত December 28, 2017 9:01 pm
শিৱসাগৰৰ হালোৱাটিঙত ভয়ংকৰ অগ্নিকাণ্ড

শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষী চকীৰ অন্তৰ্গত অসম- নাগালেণ্ড সীমান্তৰ আমগুৰি বৰচিলা গাৱঁত বুধবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডটোৰ ফলত বৰচিলা চাহ বাগিচাৰ কাষৰ আব্দুল কৰিম, সিং খান আৰু মুনু খানৰ বাসগৃহ কেইটা সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে। ইয়াৰ উপৰি অগ্নিকাণ্ডটোত দুখনকৈ টাটা মেজিক গাড়ীও সম্পূৰ্ণৰূপে জাহ যায়। অৱশ্যে অগ্নিকাণ্ডৰ সময়ত ঘৰ তিনিটাত কোনো লোক উপস্থিত নাছিল। কি কাৰণত অগ্নিকাণ্ডটো সংঘটিত হ’ল তাক জানিব পৰা হোৱা নাই। জানিব পৰা মতে স্থানীয় লোকে খবৰ দিয়াৰ কিছু সময় পিছতে আমগুৰি অগ্নি নিৰ্বাপক বাহিনিৰ দুখন অগ্নি নিৰ্বাপক গাড়ী আহি উক্ত জুই নোমোৱাৱলৈ সক্ষম হয়। উল্লেখযোগ্য যে অগ্নিকাণ্ডটোৰ ফলত ৩০ লাখ টকাতকৈ বেছি মূল্যৰ সম্পত্তি জুইত জাহ যায়।