NORTHEAST NOW (Assamese)

হোজাইত অবৈধ কাঠফলা মিলৰ মালিকৰ আক্ৰমণত আহত বনৰক্ষী আৰু আৰক্ষী জোৱান

December 23, 2019 7:13 pm · নিখিল মুন্দ্ৰা
Updated: December 23, 2019 7:58 pm

হোজাইত আজি অবৈধ কাঠফলা মিল উচ্ছেদ কৰিবলৈ গৈ মালিকৰ আক্ৰমণৰ সন্মুখীন হৈছে দুজন বনৰক্ষী আৰু এজন আৰক্ষী জোৱান।

তিনিওজনকে ততাতৈয়াকৈ ওচৰতে থকা চিকিৎসালয়লৈ নিয়া হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনৰক্ষী বিতোপন নাথক নগাৱঁৰ বি পি অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

আজি বিশেষ সূত্ৰৰ পম খেদি বনৰক্ষী আৰু আৰক্ষীৰ এটা দলে জিলাখনৰ মৌৰাঝাৰ থানাৰ অধীনৰ দক্ষিণ নাওবালি অঞ্চলত থকা অবৈধ কাঠফলা মিলটো উচ্ছেদ কৰিবলৈ গৈছিল।

কিন্তু অভিযানকাৰী দলটো উক্ত ঠাইত উপস্থিত হোৱাৰ লগে লগে তাত থকা মালিকৰ একাংশ লোকে দলটোৰ ওপৰত শিলাবৰ্ষণ কৰে। অভিযানকাৰী দলটো গুলী ফুটাইহে কোনোমতে প্ৰাণ লৈ পলাবলৈ সক্ষম হয়।

“একাংশ লোকে আমালৈ শিল দলিয়ায় আৰু দা আৰু লাঠী লৈ আক্ৰমণ কৰে। তেওঁলোকে আনকি আমাৰ বাহনখনো জুই লগাই দিবলৈ চেষ্টা কৰিছিল। কোনো মতেহে আমি বাচি আহিলো”, অভিযানটোত যোৱা এজন বনৰক্ষী জোৱানে কয়।

আক্ৰমণটোত আঘাতপ্ৰাপ্ত জোৱানকেইজন ক্ৰমে বিতোপন নাথ, সুৰুয আলী, পিয়াৰ উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ তদন্ত চলি আছে বুলি জনাইছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই।

Related News