NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ পৰা নিৰুদ্দেশ দুগৰাকীকৈ কিশোৰী; নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ

Posted by: বিদ্যুত জ্যোতি বৰা August 22, 2018 9:50 pm

চাহ অধ্যুষিত অঞ্চল হিচাপে পৰিচিত নগাঁও জিলাৰ জিয়াজুৰি চাহবাগানৰ দুগৰাকী কিশোৰী নিৰুদ্দেশ হোৱা খবৰ পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। চামগুৰি আৰক্ষী থানাত জিয়াজুৰি চাহ বাগিছাৰ নিবাসী নৰেশ মুণ্ডা আৰু বাসুদেৱ ভূঞাই আজি যুৱতী দুগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

কালি দিনৰ ভাগতে নৰেশ মুণ্ডাৰ কন্যা মামনি মুণ্ডা (১৫) আৰু বাসুদেৱ ভূঞাৰ কন্যা উৎজ্বলতা ভূঞা (১৫) নামৰ কিশোৰী দুগৰাকীয়ে শালনাস্থিত সমাজ কল্যাণ কাৰ্যালয়ৰ পৰা জাতিগত প্ৰমান পত্ৰ নিবলৈ অহাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

পিছত সন্ধ্যা লৈকে কিশোৰী দুগৰাকী ঘৰলৈ ঘুৰি নহাত পৰিয়াল দুটাই বন্ধু-বান্ধৱী, আত্মীয় কুতুমৰ ঘৰত বিচাৰ খোছাৰ কৰিও কোনো সম্ভেদ নোপোৱাত আজি পৰিয়াল দুটাই পৃথকে পৃথকে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

আনহাতে, পৰিয়ালদ্বয় তথা স্থানীয় একাংশ লোকে কিশোৰী দুগৰাকী কোনো নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে। চামগুৰি আৰু শালনা আৰক্ষীয়ে ছোৱালী দুগৰাকীক বিচাৰি বিভিন্ন ঠাইত অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা সময়লৈকে তেওঁলোকৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

চামগুৰি আৰক্ষী তথা কিশোৰী দুগৰাকীৰ পৰিয়ালৰ লোকে সন্ধানহীন কিশোৰী দুগৰাকীৰ সন্দৰ্ভত কোনো ব্যক্তিয়ে কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ আহ্বান জনাইছে।