NORTHEAST NOW (Assamese)
অসম

ইছলামাবাদৰ ভাৰতীয় উচ্চায়োগৰ দুগৰাকী বিষয়া সন্ধানহীন; পাকিস্তানক জবাবদিহি ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2020 12:32 pm
High-Commission-Of-India

পাকিস্তানৰ ইছলামাবাদত থকা ভাৰতীয় উচ্চায়োগ(Indian High Commission Islamabad)ৰ দুগৰাকী বিষয়া সোমবাৰে পুৱাৰ পৰা সন্ধানহীন হৈ আছে।

বিষয়া দুগৰাকীয়ে ৰাতিপুৱা উচ্চায়োগলৈ কামৰ বাবে ওলাই আহিছিল যদিও পুৱা ৮বজাৰ পৰা দুয়োগৰাকী বিষয়াৰ কোনো শুংসূত্ৰ পোৱা নাই।

ভাৰতে পাকিস্তানৰ সন্মুখত বিষয়টো উত্থাপন কৰিছে। পাকিস্তানৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ভাৰতে সম্পৰ্ক ৰক্ষা কৰি অনুসন্ধান অব্যাহত ৰাখিছে।

বাতৰি অনুসৰি, যোৱা ৩১ মে’ত আই এছ আইৰ লোকে বাইকেৰে উপ উচ্চায়ুক্ত গৌৰৱ আহুৱালিয়াক অনুসৰণ কৰিছিল।

উক্ত ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছিল। ভাৰতীয় কূটনীতিক গৰাকী গাড়ীৰে কৰ’বালৈ গৈ আছিল আৰু পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছআইৰ সদস্যই বাইকেৰে তেওঁক অনুসৰণ কৰিছিল।

এই ঘটনাই পাকিস্তানত ভাৰতীয় কূটনীতিকৰ প্ৰতি দেশখনৰ আচৰণৰ প্ৰমান দাঙি ধৰিছিল।

ভাৰতে এই সমস্ত ঘটনাক্ৰমৰ ওপৰত তীব্ৰ আপত্তি দৰ্শাইছিল। এই সন্দৰ্ভত ভাৰতীয় উচ্চায়োগে পত্ৰ যোগে পাকিস্তানৰ বৈদেশিক মন্ত্ৰ্যালয়ক তদন্তৰ দাবীও জনাইছিল।