যুদ্ধৰ বিভীষিকা! ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আঘাতত বিধ্বস্ত তৈলবাহী জাহাজ; নিহত ২ ভাৰতীয় নাৱিক
ওমান উপসাগৰত ভয়ংকৰ পৰিস্থিতিৰ বলি দুগৰাকী ভাৰতীয়। জানিব পৰা মতে, ‘স্কাইলাইট’ নামৰ তৈলবাহী জাহাজখনৰ দুগৰাকী ভাৰতীয় নাৱিক ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত হৈছে। বিহাৰৰ বাসিন্দা তথা কেপ্তেইন আশীষ কুমাৰ আৰু জাহাজখনৰ ক্ৰু মেম্বাৰ ৰাজস্থানৰ দলিপ সিং।
ইৰাণ আৰু আমেৰিকা-ইজৰাইলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ বাবেই ওমান উপকূলত এই আক্ৰমণ সংঘটিত হয়। বৃহস্পতিবাৰে সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিয়ে ভাৰতীয় দুগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।
ওমান উপসাগৰত সংঘটিত আক্ৰমণৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল আশীষ আৰু দলিপ। চৰকাৰী সূত্ৰৰ মতে, উদ্ধাৰকাৰী দলটোৱে জাহাজখনৰ পৰা দুটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰে। সূত্ৰ অনুসৰি যোৱা ২২ জানুৱাৰীত দলিপ সিঙে জাহাজখনত কামত যোগদান কৰিছিল। বুধবাৰে নিশা ইমেইলৰ জৰিয়তে আশীষ আৰু দলিপৰ পৰিয়ালে এই বেয়া খবৰটো লাভ কৰিছিল।
আক্ৰমণ কৰা জাহাজখনত থকা ২০ জন লোকৰ ভিতৰত ১৫ জন ভাৰতীয়। যোৱা বছৰ আমেৰিকাই জাহাজখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। শেহতীয়াকৈ ইৰাণে সকীয়াই দিছিল যে ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা যিকোনো জাহাজ ধ্বংস কৰিব।
যিহেতু এই প্ৰণালীটো বিশ্বৰ অন্যতম প্ৰধান তেল ৰপ্তানি পথ, গতিকে সমগ্ৰ বিশ্বই বৰ্তমান এই অঞ্চলটোৰ ওপৰত চকু ৰাখিছে। ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে পোনপটীয়াকৈ জনাইছে যে যদি কোনোবাই এই পথটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকৰ জাহাজখন জ্বলাই দিয়া হ’ব।
এই ঘটনাৰ পিছৰে পৰা জাহাজত কাম কৰা ভাৰতীয়সকলৰ সুৰক্ষাক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপিত হৈছে। ইতিমধ্যে ওমান ক’ষ্ট গাৰ্ডে একাধিক জাহাজৰ পৰা ১৫গৰাকী ভাৰতীয় আৰু ৫ গৰাকী ইৰাণীক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ গৈছে। দুগৰাকী ভাৰতীয়ৰ মৃত্যুৱে পশ্চিম এছিয়াত এই সংঘাত আৰু অধিক জটিল কৰি তুলিছে।
দিল্লীৰ সূত্ৰ অনুসৰি এই জটিল পৰিস্থিতিত উদ্ধাৰ হোৱা ভাৰতীয় নাৱিকসকলক ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে। পশ্চিম এছিয়াৰ এই যুদ্ধবিধ্বস্ত পৰিৱেশত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।