NORTHEAST NOW (Assamese)
অসম

কাৰাগাৰত বন্দী দুজন ভাৰতীয়ক মুকলি কৰি দিলে বাংলাদেশে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2019 1:21 pm
india-bangladesh

বৰাক উপত্যকাৰ সীমান্তৱৰ্তি চহৰ কৰিমগঞ্জত বৃহস্পতিবাৰে দুজন ভাৰতীয় নাগৰিকক বাংলাদেশৰ পৰা নিজ দেশলৈ ঘূৰাই অনাৰ বিপৰীতে এজন বাংলাদেশী নাগৰিকক নিজ দেশলৈ প্ৰত্যৰ্পণ কৰা হয়।

ভাৰতলৈ ঘূৰাই অনা লোক দুজনক ইকবাৰ হুছেইন দিলোৱাৰ আৰু ছেলিম উদ্দিন বুলি জানিব পৰা গৈছে। দুয়োজন হোজাইৰ বাসিন্দা। আনহাতে বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰা লোকজন বাবুল ৰয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা বছৰ হোজাইৰ ইকবাৰ হুছেইন দিলোৱাৰ আৰু ছেলিম উদ্দিনে অবৈধ পথেৰে বাংলাদেশত প্ৰৱেশ কৰাত তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰাত ৰাখিছিল।

পিছত ভাৰত আৰু বাংলাদেশৰ উচ্চ আয়ুক্ত পৰ্যায়ৰ আলোচনাৰ জৰিয়তে বৃহস্পতিবাৰে কৰিমগঞ্জৰ সূতাৰকান্দি সীমান্তৰে দুয়োজনকে ওভটাই অনা হয়। উক্ত সময়ত উপস্থিত আছিল কৰিমগঞ্জ আৰু হোজাইৰ আৰক্ষী।

আনহাতে চাৰি বছৰ পূৰ্বে বাংলাদেশৰ বাবুল ৰয়ে অবৈধভাৱে কৰিমগঞ্জৰ পাথাৰকান্দি সীমান্তৰে প্ৰৱেশ কৰিছিল ভাৰতত। আৰু তেতিয়াৰ পৰাই বাংলাদেশৰ লোকজন আবদ্ধ হৈ আছিল ডিটেনশ্যন কেম্পত। বাংলাদেশৰ এই লোকজনকো বৃহস্পতিবাৰে সূতাৰকান্দি সীমান্তৰে পুনৰ নিজ দেশলৈ ঘূৰাই পঠোৱা হয়।