NORTHEAST NOW (Assamese)

আকৌ হাত দাঙিলে দুজনে :  উৎকোচৰ অপৰাধত গ্ৰেপ্তাৰ দুই লাট মণ্ডল

June 14, 2023 3:34 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 14, 2023 3:50 pm

বুধবাৰে ভিজিলেন্স আৰু এণ্টি-কৰ্পচন সঞ্চালকালয়ৰ চোৰাংচোৱাই ঘোচ লওতেই হাতে লোটে ধৰা পেলাই দুই লাট মণ্ডলক।

ধৃত লাট মণ্ডল দুজন মৰিগাঁৱৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ জালালুদ্দিন শ্বেখ; আৰু শিৱসাগৰৰ নাজিৰা ৰাজহ চক্ৰৰ দিগন্ত বৰুৱা।

ইটা ভাটাৰ বাবে এন অ’ চি জাৰি কৰাৰ বাবে অভিযোগকাৰীৰ পৰা ২০ হাজাৰ টকা উৎকোচৰ ধন হিচাপে গ্ৰহণ কৰাৰ পিছত শ্বেখক তেওঁৰ বাসগৃহত গ্ৰেপ্তাৰ কৰা হয়, আনহাতে, ট্ৰেচ মেপ & লেণ্ড হোল্ডিং নম্বৰৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ বাবে উৎকোচ লোৱাৰ সময়ত আৰক্ষীৰ জালত পৰে দিগন্ত বৰুৱা।

আৰক্ষীয়ে এই দুই লাট মণ্ডলক গ্ৰেপ্তাৰ কৰি সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News