NORTHEAST NOW (Assamese)

কাশ্মীৰত পুনৰ গুলীৰ যুদ্ধ; সেনাৰ হাতত নিহত ২ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী

October 10, 2023 9:53 am · এন ই নাও নিউজ, নতুন দিল্লী

পুনৰ গুলীৰ যুঁজত কঁপি উঠিল উপত্যকা। কাশ্মীৰৰ শ্বোপিয়ান অঞ্চলত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছে ২ সন্ত্ৰাসবাদী। জানিব পৰা মতে, এই পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্ক আছিল এই সন্ত্ৰাসবাদীৰ।

কাশ্মীৰ আৰক্ষীৰ সূত্ৰ অনুসৰি, জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ আলশ্বিপোৰা অঞ্চলত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ তথ্য লাভ কৰি আৰক্ষী আৰু সেনাই তালাচী অভিযান আৰম্ভ কৰে। সন্ত্ৰাবাদীসকলক নিশেষ কৰিবলৈ আৰম্ভ হয় এনকাউণ্টাৰ। তাতেই আহিল সফলতা।

লগতে পঢ়কঃ ডেংগুৰ বাবে কমি গৈছে প্লেটলেট; চেন্নাইৰ হাস্পাতালত ভৰ্তি তাৰকা অ’পেনাৰ শুভমন গীল!

মঙলবাৰে যৌথ বাহিনীৰ গুলীচালনাত নিহত হয় দুই লস্কৰ সন্ত্ৰাসবাদী। মৃত দুই সন্ত্ৰাসবাদীক মৰিফাত মকবুল আৰু জাজিম ফাৰুক ওৰফে আব্ৰাৰ বুলি চিনাক্ত কৰা হৈছে।

কাশ্মীৰৰ এজন শীৰ্ষ আৰক্ষী বিষয়া বিজয় কুমাৰে জানিবলৈ দিয়া মতে, এই হত্যাকাণ্ডৰ সৈতে মৃত আব্ৰাৰ কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাক হত্যাত জড়িত আছিল। যোৱা ফেব্ৰুৱাৰী মাহত পুলৱামাৰ ঘৰৰ সন্মুখতে হত্যা কৰা হৈছিল সঞ্জয় শৰ্মাক।

উল্লেখ্য যে যোৱা মাহৰ পৰা ষ্টেট ইনভেষ্টিগেশ্যন এজেন্সিয়ে দক্ষিণ কাশ্মীৰৰ ৩খন জিলাৰ ৭টা অঞ্চলত হত্যাকাণ্ডৰ লগত জড়িত লোকসকলক বিচাৰি উলিয়াবলৈ তালাচী অভিযান আৰম্ভ কৰে। 

Related News