NORTHEAST NOW (Assamese)
Popular Stories

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 18, 2021 3:50 pm
Manipur Two

মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ দুগৰাকী সাংবাদিকক দেশদ্ৰোহিতাৰ গোচৰ গ্ৰেপ্তাৰ কৰিছে।

দেওবাৰে মণিপুৰ আৰক্ষীয়ে UAPAৰ অধীনত দেশদ্ৰোহিতাৰ অভিযোগ উত্থাপন কৰি এগৰাকী সম্পাদকক গ্ৰেপ্তাৰ কৰিছে।

মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সাংবাদিক দুগৰাকী হৈছে ক্ৰমে ফ্ৰণ্টিয়াৰ মণিপুৰ ৱেবপৰ্টেলৰ মুখ্য সম্পাদক ধীৰেন চাড’কপান আৰু কাৰ্যবাহী সম্পাদক পাউজেল চাউবা।

সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰাৰ অভিযোগ তুলি মণিপুৰ আৰক্ষীয়ে দুয়োগৰাকী সাংবাদিকৰ বিৰুদ্ধে UAPA ৰ অধীনত দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।

UAPAৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ ১২৪ এ(দেশদ্ৰোহিতা), ১২০ বি(অপৰাধমূলক কাৰ্য), ৫০৫(বি), আৰু ৩৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে দুই সাংবাদিকৰ বিৰুদ্ধে।

উল্লেখ্য যে যোৱা ৮ ফেব্ৰুৱাৰীত দুই সাংবাদিকৰ সম্পাদিত ৱেবপৰ্টেল ফ্ৰণ্টিয়াৰ মণিপুৰ ত এম জয় লাৱাং নামৰ এজন লোকৰ ‘বিপ্লৱী যাত্ৰাত বিসংগতি’ শীৰ্ষক এটা নিৱন্ধ প্ৰকাশ কৰা হৈছিল।

এই নিৱন্ধটো প্ৰকাশ কৰাৰ পিছতে ৱেবপৰ্টেলখনৰ মুখ্য সম্পাদক আৰু কাৰ্যবাহী সম্পাদকৰ লগতে লেখক লাৱাঙৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰে মণিপুৰ আৰক্ষীয়ে।

“তেওঁৰ নিৱন্ধত সহস্ত্ৰ বিদ্ৰোহী গোটবোৰৰ প্ৰতি স্পষ্টৰূপত সহানুভূতি আৰু সমৰ্থন প্ৰকাশ পাইছিল আৰু কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰৰ আইনক ঔপনিৱেশিক আইন বুলি অভিহিত কৰিছিল।” মণিপুৰ আৰক্ষীয়ে এজাহাৰত এইদৰে উল্লেখ কৰিছে।

উল্লেখ্য যে মণিপুৰত সাংবাদিক গ্ৰেপ্তাৰ কৰা ঘটনা এইটোৱই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও একাধিক সাংবাদিকক মণিপুৰ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল।