উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য
ভাৰত চৰকাৰৰ মাওবাদ দমন অভিযানে লাভ কৰিছে আন এক সফলতা। উৰিষ্যাৰ কান্ধমাল জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে দুই মাওবাদী নেতা।
তদুপৰি ঘটনাস্থলীৰ পৰা কেইবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।
সোমবাৰে পুৱা জিলা স্বেচ্ছাসেৱী বাহিনী আৰু বিশেষ অভিযান গোটৰ বিষয়াসকলে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি কান্ধমাল জিলাৰ বুদাগুডা বনাঞ্চলত যৌথ অভিযান চলায়।
জানিব পৰা মতে অঞ্চলটোত কেইবাজনো মাওবাদীয়ে আত্মগোপন কৰি আছিল। সেই অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়। পিছুৱাই যাবলৈ কোনো স্থান নোপোৱা মাওবাদীয়ে গছৰ আঁৰত লুকাই নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। সেনা-বাহিনীয়েও প্ৰতিশোধ লয়। প্ৰায় ৪৫ মিনিট ধৰি দুয়োপক্ষৰ মাজত চলা সংঘৰ্ষৰ অন্তত অৱশেষত নিহত হয় দুয়োগৰাকী মাওবাদী নেতা।
মন কৰিবলগীয়া যে গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতক মাওবাদৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে। মাওবাদী প্ৰভাৱিত ছত্তীশগড় আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যত মাওবাদী বিৰোধী অভিযানে গতি লাভ কৰিছে। চোৰাংচোৱা তথ্য অনুসৰি ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰীয়া অঞ্চল বৰ্তমান মাওবাদীৰ অন্যতম দুৰ্গ। এই অঞ্চলৰ পৰা মাওবাদৰ শিপা উভালি পেলাবলৈ প্ৰায় ৩ হাজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। যোৱা ২১ এপ্ৰিলৰ পৰা অঞ্চলটোত এই অভিযান আৰম্ভ হৈছিল।এতিয়ালৈকে সমগ্ৰ অঞ্চলটোত ৩১ জনতকৈ অধিক মাওবাদীৰ এই অভিযানত নিহত হৈছে।