NORTHEAST NOW (Assamese)
অসম

ব্যৱসায়ীক ধন দাবী কৰি বৰপেটাৰ বাঘবৰত গ্ৰেপ্তাৰ ছাত্ৰ সংগঠনৰ দুজন সদস্য

Posted by: পুলেন্দ্ৰ দাস October 8, 2018 5:01 pm
e54914df-dc49-4a89-a6e4-71c96e861566

সদৌ অসম ঐক্যবদ্ধ গণতান্ত্ৰিক ছাত্ৰ সন্থা নামৰ এটি ছাত্ৰ সংগঠনৰ মুখ্য উপদেষ্টা বুলি পৰিচয় দি অহা ৰহিম বাদশা নামৰ এগৰাকী যুৱকৰ লগতে অইন এজন যুৱকক বাঘবৰ আৰক্ষীয়ে ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা অইন গৰাকী যুৱক ৰাহুল আমিন বুলি জানিব পৰা গৈছে। দুয়োগৰাকী যুৱকে দেওবাৰে বৰপেটা জিলাৰ বাঘবৰত এজন ব্যৱসায়ীক ধন দাবী কৰিছিল ৷ ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত কালি বিয়লি দুয়োগৰাকী যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ইফালে ঘটনা সন্দৰ্ভত বাঘবৰ আৰক্ষীয়ে ২৬১/১৮ নম্বৰত এটি গোচৰ ৰুজু কৰি আজি দুয়ো গৰাকী যুৱকক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়।

সদৌ অসম ঐক্যবদ্ধ গণতান্ত্ৰিক ছাত্ৰ সন্থাৰ মুখ্য সংগঠন জন জাগৰণ উন্নয়ন পৰিষদৰ আইন উপদেষ্টা ইয়াচিন মোল্লা আৰু সাধাৰণ সম্পাদক বাশান মল্লিকে সংবাদ মাধ্যমক জনায় যে, দলবিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত ৰহিম বাদশা আৰু ৰাহুল আমিনক  তিনি মাহ পূৰ্বে সদৌ অসম ঐক্যবদ্ধ গণতান্ত্ৰিক ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ কৰা হৈছে ৷

ইয়াৰ উপৰি বৰ্তমান দুয়ো গৰাকী যুৱক সদৌ অসম ঐক্যবদ্ধ গণতান্ত্ৰিক ছাত্ৰ সন্থাৰ সদস্য নহয় বুলিও জনায় জন জাগৰণ উন্নয়ন পৰিষদে।