NORTHEAST NOW (Assamese)

লাভ জেহাদৰ প্ৰমাণ নাই : ধৃত দুই মুছলমান যুৱকক মুক্তি দিবলৈ বাধ্য হ’ল আৰক্ষী

December 19, 2020 3:21 pm · এন ই নাও নিউজ
Updated: December 19, 2020 6:24 pm

লাভ জেহাদৰ অভিযোগত গ্ৰেপ্তাৰ কৰা দুই মুছলমান যুৱকক প্ৰমাণৰ অভাৱত মুক্ত কৰি দিবলৈ বাধ্য হৈছে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণীৰ মতে লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাৰ পিছতে লাভ জেহাদৰ অভিযোগত গ্ৰেপ্তাৰ কৰা দুজন যুৱকক প্ৰমাণৰ অভাৱত মুকলি কৰিব দিবলৈ বাধ্য হৈছে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

এজন যুৱকৰ বিৰুদ্ধে লাভ জেহাদৰ অভিযোগৰ লগতে পত্নীৰ গৰ্ভপাত কৰাৰো অভিযোগ উত্থাপন কৰা হৈছিল। যুৱকজনৰ লগতে তেওঁৰ ভাতৃকো একেই অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

এই অভিযোগৰ ভিত্তিতে দুয়োজনে ১৫ দিন কাৰাগাৰত কটাবলগীয়া হয়।

যোৱা ২৪ জুলাইত বিবাহ পাশত আৱদ্ধ হোৱা ৰছিদে নিজকে হিন্দু বুলি পৰিচয় দি বিয়া কৰোৱা বুলি অভিযোগ উত্থাপন কৰে হিন্দুত্ববাদী সংগঠনসমূহে।

এই অভিযোগত যোৱা ৬ ডিচেম্বৰত ৰছিদ আৰু তেওঁৰ ভাতৃক কট্টৰপন্থী হিন্দু লোকে আটক কৰি আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীয়ে ৰছিদ আৰু ভাতৃক আদালত হাজিৰ কৰোৱাৰ পিছতে আদালতে ১৫ কাৰাগাৰলৈ নিক্ষেপ কৰে।

কিন্তু দুসপ্তাহৰ পিছত অভিযুক্ত ৰছিদ আৰু ভাতৃৰ বিৰুদ্ধে আদালতত আৰক্ষীয়ে কোনো সাক্ষ্য প্ৰমাণ দাখিল কৰিব নোৱাৰাৰ বাবে আদালতে ৰছিদসহ ভাতৃক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে।

Related News