NORTHEAST NOW (Assamese)

যোৰহাটত আৰু দুই ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৪লৈ বৃদ্ধি

September 19, 2020 8:44 pm · স্মিতা ভট্টাচাৰ্য্য
প্ৰতিনিধিত্বমূলক চিত্ৰ

আৰু দুগৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে যোৰহাটত প্ৰাণ হেৰুৱাইছে।

জিলাখনত এতিয়ালৈকে ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৪লৈ বৃদ্ধি পাইছে।

জিলা উপায়ুক্ত ৰশ্নি এ ক’ৰাতিয়ে এই তথ্য সদৰী কৰিছে।

উপায়ুক্তগৰাকীয়ে শনিবাৰে সন্ধিয়া জনোৱা মতে শেহতীয়াকৈ মৃত্যু হোৱা লোক দুগৰাকী হৈছে তিতাবৰ কাৰলিবাৰীৰ কনক কছাৰী (৫৩) আৰু বৰহোলাৰ জুৰি সূত্ৰধৰ (২৫)।

আনহাতে জিলাখনত শনিবাৰে আৰু ১৬৪গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে। পজিটিভ চিনাক্তসকলৰ কাৰোৰে ট্ৰেভেল হিষ্টৰি নাই।

এইসকলক ধৰি জিলাখনত চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা ৭৮৯৮লৈ বৃদ্ধি পাইছে।

উপায়ুক্তগৰাকীয়ে লগতে জনোৱা মতে শনিবাৰে পজিটিভ চিনাক্ত হোৱা ১৬৪গৰাকী ব্যক্তিৰ ৩২গৰাকী যোৰহাট চহৰৰ।

তেওঁ জনায় যে জিলাখনত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৬৮৭ (।)

অসমত শুকুৰবাৰলৈকে মুঠ ১,৫২,৮৫৮গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

বিপৰীতে শুকুৰবাৰলৈকে অসমত ১,২৩,৬৮৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

Related News