NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ভয়ংকৰ সংকট: খাবলে নাপাই মৰিছে ব্ৰু লোক; শুকাইছে মাতৃ বুকু, পিয়াহত মৃত্যু শিশুৰ

November 5, 2019 6:53 pm · তন্ময় চক্ৰবৰ্তী
Updated: November 5, 2019 7:13 pm
পথত উচুপি উঠা খাদ্যহীন, গৃ্হহীন ব্ৰু নাৰী। ছবি- নৰ্থইষ্ট নাও।

ভাৰত চৰকাৰে শেহতীয়াকৈ সাহায্য বন্ধ কৰি দিয়াৰ পিছত, ত্ৰিপুৰাৰ আশ্ৰয় শিৱিৰত ব্ৰু লোক “খাবলৈ নাপায় মৰা”ৰ ভয়ংকৰ মানৱীয় সংকটৰ অভিযোগ উত্থাপিত হৈছে।

মিজো ব্ৰু দিছপ্লে’চ(দ) পীপলছ ফ’ৰামে নৰ্থইষ্ট নাওক জনোৱামতে, সোমবাৰে দুটা শিশুকে ধৰি যোৱা এটা সপ্তাহত মুঠ ৬গৰাকী ব্ৰু লোকে মৃত্যু সাৱটিব লগা হৈছে।

মৃত লোককেইজনৰ ভিতৰত আছে ৪টা শিশু আৰু দুজন বৃদ্ধ লোক।

ত্ৰিপুৰাৰ কাঞ্চানপুৰ, নিছিংপাৰা আৰু হামচা পাৰা ব্ৰু শৰণাৰ্থী শিৱিৰত এই মৃত্যুৰ ঘটনা সংঘটিত হৈছে, এম বি দি পি এফ নেতাসকলে জনায়।

“একো খাবলে নোপোৱা বাবে তিনি বছৰীয়া আজিতাৰি ৰিয়াং আৰু চাৰিমহীয়া শিশু পিগলি ৰিয়াঙৰ মৃত্যু হৈছে। ৩ নৱেম্বৰত মনিৰাম মলছৈৰ দুবছৰীয়া পুত্ৰ আক’চ’ মলছৈ আৰু ঘ’মা ৰিয়াঙৰ পত্নী বৃষ্টিৰুং ৰিয়াং (৬৫ বছৰ)ৰ মৃত্যু হৈছে। ৩১ অক্তোবৰত মাক’তা ৰিয়াং নামৰ এজন ৬৫ বছৰীয়া বৃদ্ধ আৰু জন চংপ্ৰেংথ নামৰ এটি দুবছৰীয়া শিশুৰ মৃত্যু হৈছে।”

ফ’ৰামৰ নেতাই জনোৱামতে, খাদ্যৰ অভাৱত বহু কেঁচুৱামাইকীৰ বুকু শুকাই গৈছে আৰু মাকৰ গাখীৰ খোৱা সন্তান পিয়াহত থাকিব লগা হৈছে।

শাৰীৰিক কাৰণত আটাইতকৈ বেছিকৈ মৃত্যুৰে যুঁজিব লগা হৈছে বৃদ্ধ আৰু কণমানি শিশুসকলে।

ভয়ংকৰ সংকট সদৰী কৰি ব্ৰু নেতাসকলে আৰু বহুলোকৰ মৃত্যুৰে পৰিস্থিতি অধিক বেয়াৰ ফাললে যোৱাৰ আশংকা প্ৰকাশ কৰিছে।

ব্ৰু নেতা ব্ৰুন’ মেছাই জনোৱামতে, শিৱিৰসমূহত আৰু বহু বৃদ্ধ আৰু শিশু গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।

বৰ্তমান ত্ৰিপুৰাত থকা মিজোৰামৰ সাংসদ ৰ’নালড চাপাই ব্ৰুসকলৰ ভয়াৱহ অৱস্থা চাবলৈ কেন্দ্ৰীয় গৃহ বিভাগে এটা দল পঠোৱা উচিত বুলি মন্তব্য কৰিছে।

ইপিনে, ত্ৰিপুৰাৰ বিৰোধী দলসমূহে বিষয়টোক লৈ বিপ্লব দেবৰ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

“এই খিলঞ্জীয়া মানুহবিলাকে খাবলৈ পোৱা নাই আৰু আমাৰ ৰাজ্য চৰকাৰ নীৰৱ হৈ আছে। চৰকাৰে যি কৰিছে সেয়া অতি অমানৱীয় হৈছে,” অতি শীঘ্ৰে খাদ্য যোগান ধৰিবলৈ আহ্বান জনাই ত্ৰিপুৰা কংগ্ৰেছৰ মুখপাত্ৰ তাপস দেই কয়।

চি পি আই (এম)এও ব্ৰুসকলৰ বাবে সাহায্য পুনৰ মোকলাই দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী দেবে শেহতীয়াকৈ কৈছিল যে, শিৱিৰত বহুদিন থকা ব্ৰুসকল প্ৰথমে মিজোৰামলৈ যোৱা উচিত।

“কোনো বিকল্প নাই, তেওঁলোক প্ৰথমে গৃহভূমি মিজোৰামলৈ যাওক; কেন্দ্ৰ আৰু মিজোৰাম চৰকাৰে তেওঁলোকক সহায় কৰাৰ আশ্বাস দিছে,” বিপ্লব দেবে শেহতীয়াকৈ সংবাদ মাধ্যমক জনাইছিল।

যোৱা অক্তোবৰত ব্ৰুসকলক মিজোৰামলৈ পুনৰ নিয়াৰ বাবে কেন্দ্ৰই চলোৱা নৱমটো প্ৰচেষ্টা বিফল হোৱাৰ পিছতে তেওঁলোকৰ সাহায্য বন্ধ কৰি দিয়া হৈছে।

এই প্ৰচেষ্টাক “অন্তিম” বুলি উল্লেখ কৰি কেন্দ্ৰই সদৰী কৰিছিল যে, ত্ৰিপুৰাৰ কাঞ্চানপুৰাত থকা শৰণাৰ্থী শিৱিৰ আৰু বাহাল ৰখা নহ’ব।

কিন্তু, খবৰমতে কেন্দ্ৰ, মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰৰ প্ৰচেষ্টাত ২৩ অক্তোবৰলৈকে কেৱল প্ৰায় ৭০০ লোক (১২৫টা পৰিয়াল)হে ঘূৰি যাবলৈ মান্তি হয়।

ইফালে গৃহহীন, খাদ্যহীন শৰণাৰ্থী ব্ৰুসকল পথলৈ ওলাই আহিছে। মঙলবাৰলৈকে যোৱা এসপ্তাহ ধৰি তেওঁলোকে আনন্দবাজাৰ-দাশ্বদা পথ বন্ধ কৰি ৰাখিছে।

ত্ৰিপুৰাৰ কাঞ্চানপুৰ মহকুমাত পৰিস্থিতি ভয়ানক হৈ আছে। প্ৰশাসনে ভাৰতীয় দণ্ড বিধিৰ ১৪৪ ধাৰা জাৰি কৰিছে।

১৯৯৭ চনত সংখ্যাগুৰু মিজোসকলৰ সৈতে হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছতে ৩০/৪০ হাজাৰ ব্ৰু লোকে ত্ৰিপুৰাত আশ্ৰয় লৈছিল।

বৰ্তমান মিজোৰামত প্ৰায় ৪০ হাজাৰ ব্ৰু লোক থকাৰ বিপৰীতে উত্তৰ ত্ৰিপুৰাৰ শৰণাৰ্থী শিৱিৰত প্ৰায় ৩০ হাজাৰ লোকে আশ্ৰয় লৈ আছে।

ভাৰতৰ অভ্যন্তৰীণ শৰণাৰ্থীত পৰিণত হোৱা ব্ৰুসকলৰ উপৰি জনজাতিটোৰ এক বুজনসংখ্যক লোকে ত্ৰিপুৰাত বাস কৰে।

Related News