কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ গুলীসহ দুজনক গ্ৰেপ্তাৰ
কাৰ্বি আংলঙত গ্ৰেপ্তাৰ হৈছে বৃহৎ পৰিমাণৰ গুলীসহ দুজন লোক। জিলাখনৰ বোকাজান এলেকাত গ্ৰেপ্তাৰ হৈছে লোক দুজন।
প্ৰকাশিত খবৰ অনুসৰি, অসম আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া দলে এক অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰে।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে অভিযুক্ত লোক দুজনক।
ধৃত লোক দুজনৰ পৰা আন বিভিন্ন সামগ্ৰীসহ ৬টা মেগজিন আৰু ১৫০টা সজীৱ গুলী উদ্ধাৰ কৰে।
বোকাজানৰ খটখটি অঞ্চলৰ এটা চেকপইণ্টত অভিযানকাৰী দলটোৱে আটক কৰে সন্দেহজনক লোক দুজনক।
নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এখন বাছত আহিছিল সন্দেহযুক্ত লোক দুজন।
দুয়োজন কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত নেকি, সেয়া নিশ্চিত কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।