NORTHEAST NOW (Assamese)

‘কৃষক বিদ্ৰোহ বাবেই দুই ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ থাকিব’; দিল্লী যান বাহন আৰক্ষী

December 26, 2020 8:21 pm · এন ই নাও নিউজ

বিতৰ্কিত তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লী সংযোগী সীমান্ত অঞ্চলসমূহত আজি ৩১ দিনেও অব্যাহত আছে কৃষক বিদ্ৰোহ।

এই কৃষক বিদ্ৰোহৰ বাবে বন্ধ থাকিব দিল্লী সংযোগী দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথ।

দিল্লী যান বাহন আৰক্ষীয়ে জনোৱা অনুসৰি ৯ নং আৰু ২৪ নং এই দুয়োটা ৰাষ্ট্ৰীয় ঘাইপথ কৃষক বিদ্ৰোহৰ বাবে বন্ধ হৈ থাকিব। সেয়ে যাত্ৰীসকলক ইয়াৰ বিকল্প পথ গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়াইছে দিল্লী যান বাহন আৰক্ষীয়ে।

ইফালে শুকুৰবাৰে আৰক্ষীয়ে চিঙ্ঘু, গাজীপুৰ,পাইয়ু, মানিয়াৰী আদি সীমান্তৰ পথসমূহ বন্ধ কৰি দি লামপুৰ, ছাফিয়াবাদ, পাল্লা আৰু চিঙ্ঘু টোল গেটেৰে বিকল্প পথেৰে যাতায়াত কৰাৰ বাবে নিৰ্দেশ দিছিল।

আনহাতে গাজিপুৰ সীমান্তত প্ৰতিবাদকাৰী কৃষকসকলে যাতে কোনো ধৰণৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে যথেষ্ট নিৰাপত্তাৰক্ষীকো নিয়োজিত কৰিছে দিল্লী আৰক্ষী প্ৰশাসনে।

Related News