NORTHEAST NOW (Assamese)

কবিতা বিতৰ্ক : কবি নীলিম কুমাৰৰ বিৰুদ্ধে থানাত গোচৰ দুই সংগঠনৰ

July 6, 2020 6:25 pm · পাৰ্শ্বজ্যোতি গগৈ
কবি নিলীম কুমাৰ। ফটো উৎস : ফেইচবুক

কবিতাৰ জড়িয়তে আহোম জাতিক অপমান আৰু চ্যুকাফা, গদাপাণিক চিটি বাছৰ ড্ৰাইভাৰ-হেণ্ডিমেনৰ লগত তুলনা কৰাৰ অভিযোগ তুলি কবি নীলিম কুমাৰৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে।

শিৱসাগৰ সদৰ থানাত কবি নীলিম কুমাৰৰ বিৰুদ্ধে সদৌ তাই আহোম ছাত্ৰ সন্থা আৰু তাই আহোম যুৱ পৰিষদে গোচৰ ৰুজু কৰে। সংগঠন দুটাই পৃথকে পৃথকে থানাত গোচৰ ৰুজু কৰে।

বিশিষ্ট কবি গৰাকীয়ে ৰচনা কৰা এটা কবিতাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।

নীলিম কুমাৰে ‍‘এখন অসুস্থ চিটিবাছ’ নামৰ কবিতাটোত ৬০০ বছৰ ৰাজত্ব কৰা আহোম জাতিক এখন অসুস্থ চিটিবাছ আৰু বৰ অসম গঢ়োতা স্বৰ্গদেউ চ্যুকাফাক ড্ৰাইভাৰ আৰু আহোম ৰজা গদাপাণি সিংহক চিটি বাছৰ হেণ্ডিমেনৰ লগত তুলনা কৰা বুলি অভিযোগ তুলিছে সংগঠন দুটাই।

ৰাণী কমলাকুঁৱৰীৰ নামো উল্লেখ আছে নীলিম কুমাৰৰ কবিতাটোত।

বিতৰ্কিত কবিতাটোৰ কিয়দাংশ

ইপিনে আজি  কবি নীলিম কুমাৰৰ বিৰুদ্ধে গৰজি উঠিছে আহোম জাতীয় সংগঠন। তাইপাই তথাকথিত কবি নিলীম কুমাৰক ৭২ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱাৰ লগতে আটাছুৱে আহোম জাতিক অপমান কৰা কবি নীলিম কুমাৰক উচিত শাস্তি বিহিবলৈ চৰকাৰক দাবী জনায়।

আনহাতে নীলিম কুমাৰৰ কবিতাটো প্ৰকাশ কৰা প্ৰান্তিক আলোচনীৰ কাৰ্যবাহী সম্পাদক ইমৰাণ হুছেইনৰ বিৰুদ্ধে তৎকালীনভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তাইপাৰ কেন্দ্ৰীয় সম্পাদক দিগন্ত তামুলীয়ে শিৱসাগৰ আৰক্ষীক অনুৰোধ জনাইছে।

Related News