NORTHEAST NOW (Assamese)
দেশ

নৌসেনাৰ গোপন তথ্য পাকিস্তানলৈ সৰবৰাহ : কৰ্ণাটকত গ্ৰেপ্তাৰ দুই ‘পাক চোৰাংচোৱা’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2025 2:53 pm

ভাৰতীয় যুদ্ধজাহাজ আৰু নৌসেনাৰ গোপন তথ্য পাকিস্তানলৈ সৰবৰাহ কৰাৰ অভিযোগত দুজন যুৱকক কৰ্ণাটকৰ উদুপিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত দুজনৰ নাম হৈছে ক্ৰমে ৰোহিত (২৯) আৰু সানত্ৰী (৩৭)। দুয়োজন উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ বাসিন্দা।

আৰক্ষী সূত্ৰে প্ৰকাশ, ৰোহিতে পূৰ্বে কেৰালাৰ কোচিন শ্বিপয়াৰ্ড লিমিটেডত কাম কৰিছিল, আৰু এতিয়া তেওঁ কৰ্ণাটকৰ এটা জাহাজ নিৰ্মাণ কোম্পানীত কৰ্মৰত আছিল।

অভিযোগ অনুসৰি, কেৰালাত থকাৰ সময়তে তেওঁ হোৱাটছএপৰ জৰিয়তে কোচিন শ্বিপয়াৰ্ড আৰু ভাৰতীয় নৌসেনাৰ গোপন তথ্য পাকিস্তানলৈ সৰবৰাহ কৰিছিল। ইয়াৰ উপৰিও, তেওঁ কৰ্ণাটকত থকাৰ সময়তো এই কাম চলাই আছিল।

তেওঁৰ এই কাৰ্যকলাপ প্ৰথমে উদুপি কোচিন শ্বিপয়াৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দৃষ্টিগোচৰ হয়। ইয়াৰ পিছতে তেওঁ আৰক্ষীৰ ওচৰ চাপে আৰু তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৰোহিতক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰে জনোৱা মতে, ৰোহিতক সোধা-পোছা কৰাৰ পিছতে সানত্ৰীৰ বিষয়ে তথ্য পোহৰলৈ আহে। ৰোহিতে সানত্ৰীলৈ কেইবাবাৰো মেছেজ কৰিছিল আৰু অভিযোগ অনুসৰি কিছুমান গোপন তথ্য তেওঁৰ হাততো তুলি দিছিল। অৱশ্যে, এই সমগ্ৰ চক্ৰটোত সানত্ৰীৰ ভূমিকা কি সেয়া বৰ্তমান তদন্তকাৰীসকলে পৰীক্ষা কৰি আছে।

বৰ্তমান আৰক্ষীয়ে ৰোহিতক সোধা-পোছা অব্যাহত ৰাখিছে। পাক চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে তেওঁলোকৰ কোনো যোগাযোগ আছে নে নাই, সেই বিষয়টোও তদন্তকাৰীসকলে পৰীক্ষা কৰি আছে।