NORTHEAST NOW (Assamese)
অসম

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা March 6, 2021 1:29 pm
accident jaiguru

আমিনগাঁৱৰ জয়গুৰুত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

তীব্ৰবেগী ডাম্পাৰ আৰু ট্ৰেইলাৰৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ।

চাংসাৰী অভিমুখী AS-01-MC-9417 নম্বৰৰ ডাম্পাৰখনৰ সৈতে BR-11-GB-7578 নম্বৰৰ ট্ৰেইলাৰ ট্ৰাকৰ মাজত সংঘৰ্ষটো ঘটে।

ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ বাবে বন্ধ হৈ পৰিছে আমিনগাওঁ ৩১নং ৰাট্ৰীয় ঘাইপথ।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত চালক আৰু হেণ্ডিমেনক উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰিছে।

দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনৰ অৰ্ধাংশ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। আনহাতে, কথমপি প্ৰান ৰক্ষা পৰে পথচাৰীৰ।