NORTHEAST NOW (Assamese)
অসম

ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ পুৰণিগুদামত ক’ভিড-১৯ত আক্ৰান্ত দুজন : তৎপৰ স্বাস্থ্য বিভাগ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা April 6, 2021 7:29 am
VideoCapture_20210405-185803

ৰাজ্যত পুনৰ উদ্বেগজনক ভাবে বৃদ্ধি পাইছে ক’ৰণাৰ সংক্ৰমণ।

শেহতীয়াকৈ পুনৰ ক’ভিড-১৯ত আক্ৰান্ত হৈছে পুৰণিগুদামৰ দুজনকৈ বয়সীয়াল লোক।

পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত কৰা এণ্টিজেন পৰীক্ষাত লোক দুজনৰ দেহত ক’ভিড-১৯ পজেটিভৰ অৱস্থিতি ধৰা পৰা বুলি সদৰি কৰিছে চিকিৎসালয় কৰ্তৃপক্ষয়ে।

উল্লেখ্য যে, পুৰণিগুদাম মাজগাঁৱৰ একেটা পৰিয়ালৰে বয়সীয়াল লোক দুয়োজন।

লোক দুজন বিগত কেইবাদিনো ধৰি জ্বৰ-কাঁহত ভুগি আছিল।

অৱশ্যে যোৱা কিছুদিনত কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই বুলি উল্লেখ্য কৰিছে আক্ৰান্ত লোক দুজনে।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতেই তৎপৰ হৈছে স্বাস্থ্য বিভাগৰ লোক।

এসপ্তাহৰ বাবে হ’ম কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰি পৰিয়ালটোৰ ঘৰৰ বাহিৰত ফলক আঁৰি দিলে স্বাস্থ্য বিভাগৰ লোকে।