NORTHEAST NOW (Assamese)

বিশ্বনাথৰ বিহালীত একাধিক অবৈধ মাৰণাস্ত্ৰসহ সজীৱ গুলী উদ্ধাৰ

June 21, 2021 3:38 pm · কাজী জেইদুল ইছলাম
Updated: June 21, 2021 5:34 pm
*

বিশ্বনাথৰ বিহালীত দুটাকৈ অবৈধ মাৰণাস্ত্ৰসহ সজীৱ গুলী উদ্ধাৰ হয় ৷

যোৱা নিশা বিহালী আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি বিহালীৰ বটীয়ামাৰীৰ পৰা নিত্য ঢাকাল (৪৪)ৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে দুটাকৈ পিস্তলসহ ১১ জাঁই সজীৱ গুলী ৷

আনহাতে ঘটনাৰে জড়িত আন দুজন যুৱকক অস্ত্ৰ সৰবৰাহৰ লগত আটক কৰে ৷

আটকাধীন যুৱকদ্বয় ক্ৰমে বটীয়ামাৰীৰ উত্তম ঢাকাল(৪০)ৰাংছালী গোপচাৰৰ ৰাজু ওৰাং (২০) ।

আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ।

লোক কেইজনে কি উদ্দেশ্যলৈ এনেদৰে অবৈধ মাৰণাস্ত্ৰ লুকুৱাই ৰাখিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Related News