NORTHEAST NOW (Assamese)

চিলাপথাৰত পথ দুৰ্ঘটনাত দুজনকৈ কয়দী থিতাতে নিহত

October 26, 2018 10:50 pm · এন ই নাও নিউজ
প্রতিনিধিত্বমূলক ফটো

আজি চিলাপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত দুগৰাকী কয়দীয়ে প্ৰাণ হেৰুৱাব লগীয়া হয়।

প্ৰাপ্ত তথ্য মতে অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা পাচিঘাট অভিমুখী আহি থকা অৰুণাচল আৰক্ষীৰ এ আৰ ০১৪-৫২১১ নম্বৰৰ টাটা চুম’খন দুৰ্ভাগ্যবশত চকা ফুটি ৰাস্তাৰ ওপৰতে বাগৰি পৰে।

ফলত দুৰ্ঘটনাটোত ঘটনাস্থলীতে নিহত হয় টাটা চুমুখনৰ ভিতৰত থকা কয়দী দুগৰাকী। আনহাতে চুম’খনত থকা বাকী ৬ জনকৈ আৰক্ষীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়।

দুৰ্ঘটনাটোত আহত আৰক্ষী বিষয়াকেইজনক তাৎক্ষণিকভাৱে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। ইফালে দুৰ্ঘটনাটোত নিহত কয়দীকেইজনৰ নাম বাতৰি সংগ্ৰহ কৰা সময়লৈকে জানিব পৰা হোৱা নাই।

 

 

 

Related News