NORTHEAST NOW (Assamese)

জি এছ ৰ’ডত CRPF-ৰ গুলীচালনাত চহিদ হ’ল দীপাঞ্জল দাস

December 12, 2019 6:23 pm · কল্পজ্যোতি শইকীয়া
Updated: December 12, 2019 7:19 pm
উলুবাৰীত চহিদ হোৱা দীপাঞ্জল দাসৰ নিঠৰ দেহ।

আজি কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ গুলীত জি এছ ৰ’ডৰ সমীপত থকা লাচিত নগৰৰ পেণ্টালুনৰ সন্মুখত “কেব”-বিৰোধী এজন প্ৰতিবাদকাৰী নিহত হৈছে।

“মুখত ক’লা কাপোৰ বন্ধা কমাণ্ডো ফ’ৰ্চে সন্ধিয়া প্ৰায় ৫ বজাত তেওঁলোকৰ গাড়ীৰ পৰা প্ৰতিবাদকাৰীলৈ ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলত আহত হয়”, এজন প্ৰত্যক্ষদৰ্শীৰ ভাষ্য।

চিকিৎসাৰ বাবে আৰক্ষীয়ে জি এম চি এইচ্ছলৈ নিয়ে যদিও আহতকেইজনৰ এজনৰ মৃত্যু হয়।

“কেব” বিৰোধী আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমজন ব্যক্তিত পৰিণত হোৱা নিহত যুৱকজনৰ নাম দীপাঞ্জল দাস, বয়স প্ৰায় ১৮ বছৰ আৰু তেওঁৰ ঘৰ ছয়গাৱঁত।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, তেওঁৰ পেটত গুলী লাগিছিল আৰু চিকিৎসালয়লৈ নিয়াৰ সময়লৈকে যুৱকজনৰ হাত-ভৰি নিশ্চল হৈ আছিল।

তেওঁ ৰাজগড় পথত থকা সৈনিক ভৱনৰ কেণ্টিনৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে।

আনজন আহতৰ ভৰিত গুলী লাগিছে। তেওঁৰ পৰিচয় এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।

আৰক্ষীৰ ভাষ্যমতে, প্ৰতিবাদকাৰীসকল নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীয়ে গুলী চলায়।

Related News