NORTHEAST NOW (Assamese)

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

May 27, 2022 9:00 am · এন ই নাও নিউজ, গুৱাহাটী

ইউক্ৰেইন বাহিনীৰ দ্বাৰা বন্দী আন দুজন ৰাছিয়ান সৈনিকৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ বিচাৰ আৰম্ভ হৈছে। সৈন্যসকলে ইউক্ৰেইনৰ পাল্টোভা অঞ্চলৰ কোটেলেভস্কি আদালতত দোষী সাৱ্যস্ত হৈছে। 

চিএনএনৰ বাতৰি অনুসৰি, ওলেক্সাণ্ডাৰ ৰাছিয়াৰ সৈনিক ববিকিন আৰু অ’লেকচেণ্ডাৰ ইভানোভে যুদ্ধৰ নীতি ভংগ কৰাৰ বাবে দোষী সাৱ্যস্ত হৈছে।

যোৱা ২৪ ফেব্ৰুৱাৰীত তেওঁলোকে ৰাছিয়াৰ বেলগ্ৰেড অঞ্চলৰ পৰা ইউক্ৰেইনৰ খাৰকিভ অঞ্চললৈ গ্ৰাড ৰকেট নিক্ষেপ কৰিছিল।

গোচৰটোৰ বিৱৰণীত প্ৰকাশ পাইছে যে তেওঁলোকে নিক্ষেপ কৰা ৰকেটৰ দ্বাৰা অসামৰিক লোকসকলৰ সম্পত্তি আৰু গুৰুত্বপূৰ্ণ আন্ত:গাঁথনি ক্ষতিগ্ৰস্ত হৈছে।

খাৰকিভ অঞ্চলত ইউক্ৰেইনৰ সৈন্যই এই দুজন ৰাছিয়ান সৈন্যক বন্দী কৰিছিল। আদালতে অহা ৩১ মে’ত ইয়াৰ ৰায় ঘোষণা কৰিব।

ইয়াৰ পূৰ্বে সোমবাৰে ইউক্ৰেইনৰ এখন আদালতে ৰাছিয়াৰ সৈনিক ভাদিম ছিছিমাৰিনক আজীৱন কাৰাবাসৰ শাস্তি প্ৰদান কৰিছিল। 

Related News