NORTHEAST NOW (Assamese)

টীয়কৰ বনাইত দুই ভগ্নীৰ কৰুণ সলিল সমাধি

August 31, 2020 7:36 pm · এন ই নাও নিউজ

যোৰহাট জিলাৰ টীয়কৰ বনাই চাপানীত আজি বিয়লী এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, ঘৰত খেলি থকা অৱস্থাত  বিতুল গগৈ নামৰ লোকজনৰ দুই কন্যা ক্ৰমে অংকিত গগৈ (৮) আৰু জানমণি গগৈৰ (৬) ঘৰৰ ওচৰৰে পুখুৰীত পৰি সলিল সমাধি ঘটে।

উল্লেখযোগ্য যে, দুয়োগৰাকী কিশোৰীয়ে দিনৰ ১২ বজাৰে পৰা ঘৰত নথকাত মাকে ওচৰতে থকা মোমায়েকৰ ঘৰত আছে বুলি সন্দেহ কৰি বিচাৰ কৰা নাছিল কিন্তু বিয়লী ওচৰৰ এজন  যুৱকে ঘাঁহ কাটিবলৈ গৈ উক্ত পুখুৰীত কিবা বস্তু পৰি থকাৰ উমান পাই হাতেৰে চাওঁতে এটি মৃতদেহ পৰি থকা দেখা পায়।

যুৱকজনে কিশোৰী গৰাকীৰ মৃতদেহটো পাৰলৈ তোলোতে ঘৰৰ মানুহে সৰু জনী ছোৱালীও নিৰুদ্দেশ হৈ থকাৰ কথা প্ৰকাশ কৰে।

সেই কথা জানিব পাৰি পুনৰ স্থানীয় লোক সকলে পুখুৰীত নামোতে সৰু ছোৱালী গৰাকীৰ মৃতদেহটোও উদ্ধাৰ কৰে।

ইতিমধ্যে, ছোৱালী দুজনীৰ মৃতদেহ টীয়ক এফ আৰ য়ুলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

কিশোৰী দুগৰাকীৰ সলিল সমাধি ঘটাত সমগ্ৰ ঘটনাটোত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Related News