NORTHEAST NOW (Assamese)

পাকিস্তানৰ আইএছআইক গোপনীয় তথ্য যোগান!গ্ৰেপ্তাৰ হ’ল দুই ভাৰতীয় সেনা জোৱান

July 7, 2021 12:39 pm · এন ই নাও নিউজ

ভাৰতৰ চিৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইক ভাৰতৰ প্ৰতিৰক্ষা সম্পৰ্কীয় গোপনীয় তথ্য যোগান ধৰি গ্ৰেপ্তাৰ হ’ল ভাৰতীয় সেনাৰ দুজনকৈ জোৱান।

প্ৰাপ্ত তথ্য অনুসৰি ভাৰতীয় সেনাৰ জোৱান দুজনে ৰণবীৰ নামৰ লোক এজনৰ জৰিয়তে প্ৰতিৰক্ষা সম্পৰ্কীয় প্ৰায় ৯০০ নথিৰ ছবি আইএছআইলৈ প্ৰেৰণ কৰিছিল।

কেৱল সেয়াই নহয়, আইএছএই-এ ভাৰতত চলাই থকা ড়্ৰাগছৰ বেহাৰ সৈতে ভাৰতীয় সেনাৰ জোৱান দুজন জৰিত হৈ পৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী গোটে।

গোপী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে ভাৰতীয় সেনাৰ জোৱান দুজনে সম্পৰ্ক ৰক্ষা কৰি চলিছিল।

আইএছআইৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তৰ হোৱা জোৱান দুজন হৈছে ক্ৰমে ১৯ ৰাষ্ট্ৰীয় ৰাইফলছৰ হৰপ্ৰীত সিং আৰু ১৮ শিখ লাইট ইনফ্ৰেম্ট্ৰিৰ গুৰভেজ সিং।

ইয়াৰে হৰপ্ৰীত সিঙৰ ঘৰ অমৃতসৰৰ চীচা গাঁৱত আৰু তেওঁ অনন্তনাগত কৰ্মৰত আছিল।গুৰভেজ সিঙৰ ঘৰ টাৰ্ণ টাৰণৰ পুনিয়া গাঁৱত।

তেওঁ কাৰ্গিলত কৰ্মৰত আছিল।তেওঁলোকে গেপী আৰু ৰণবীৰৰ জৰিয়তে আইএছআইৰ ছিকন্দৰ আৰু কোঠাৰ নামৰ লোক দুজনৰ হাতত ভাৰতীয় সেনাৰ গোপনীয় তথ্য তুলি দিছিল।

দুয়োজন জোৱানকে গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকা হৈছে। জেৰাত অধিক তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

Related News