NORTHEAST NOW (Assamese)

সামাজিক মাধ্যমত ‘ষ্টেটাছ’ দি নিৰুদ্দেশ শিক্ষাৰ্থী; দুই কিশোৰীৰ নিৰুদ্দেশকলৈ টীয়কত চাঞ্চল্য

June 13, 2022 2:45 pm · এন ই নাও নিউজ, টীয়ক
সংবাদ মাধ্যমৰ আগত ঘটনাৰ বিষয়ে সদৰী কৰিছে দুই কিশোৰীৰ আত্মীয়ই। ফটো: নৰ্থইষ্ট নাও।

সামাজিক মাধ্যমত ষ্টেটাছ লিখি নিৰুদ্দেশ হৈছে টীয়কৰ দুই শিক্ষাৰ্থী। টীয়কৰ মুদৈজান ভৰলুৱা গাঁওৰ কিশোৰী সুস্মিতা বৰা আৰু ৰশ্মি শইকীয়া যোৱা দুদিনৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই টীয়কত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সুস্মিতা বৰাই এই বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৰশ্মি শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল।

লগতে পঢ়ক: নাগ্ৰীজুলিৰ বগামাটিত অঘটনঃ বৰনদীত সাঁতুৰিবলৈ গৈ উটি গল এজন প্ৰাক্তন সৈনিক

জানিব পৰা মতে যোৱা শনিবাৰে বিদ্যালয়লৈ যাওঁ বুলি ওলাই আহিছিল দুই কিশোৰীl তাৰপিছত ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ কৰি কোনো শুংসুত্ৰ নোপোৱাত ইতিমধ্যে টীয়ক থানাত এজাহাৰ দাখিল কৰিছে।

ঘটনা অনুসৰি নিৰুদ্দেশ হোৱা ছাত্ৰী দুগৰাকীয়ে নিজৰ ফোনৰ পৰা সামাজিক মাধ্যমৰ ষ্টেটাছত “বহু দূৰ যাব মন যায়, অকলে জীয়াই থাকিবৰ মন  যায়। মা-পাপাৰ বোজা হৈ থাকিব নোৱাৰো। কাকো কষ্ট নিদিওঁ। মা-পাপাহঁত সদায় সুখী হওক। মই আৰু নাথাকো। বহুত দূৰ গুচি যাম,‘’ লিখি থৈছে।

লগতে পঢ়ক: ১২ লাখ নিবনুৱা আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰা আবেদন মাচুলে টনকিয়াল কৰিলে ৰাজভঁৰাল!

তেওঁলোকে লগতে ‘’বহুত মনত পৰিব সকলোকে কিন্তু আহিব নোৱাৰিম। নিজৰ মতে জীয়াই থাকিব শিকিম, নিজে কাম কৰিম, কাকো আমনি নিদিম’’ বুলি লিখি নিৰুদ্দেশ হোৱাৰ বিষয়টোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে।

Related News