NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ: দুই সন্ত্ৰাসবাদী নিহত, নিহত এজন সেনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2022 12:38 pm
Two terrorists killed in Jammu

জম্মু-কাশ্মীৰত শেহতীয়াকৈ ধাৰাবাহিকভাৱে চলি থকা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষৰ মাজতে আজি পুনৰ আন এক ভয়াবহ সংঘৰ্ষ সংঘটিত হয়।

জম্মুৰ এটা সেনা চাউনীৰ ওচৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন সৈনিকো নিহত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ মাত্ৰ দুদিন পূৰ্বে সংঘটিত এই সংঘৰ্ষই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই সংঘৰ্ষত আন চাৰিজন সেনা জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে নিৰাপত্তাৰক্ষীয়ে জম্মু চহৰৰ চুঞ্জৱান সেনানিবাস অঞ্চলত পুৱা অভিযান আৰম্ভ কৰাৰ পিছত এই সংঘৰ্ষ সংঘটিত হৈছিল।

চহৰখনত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাব্য পৰিকল্পনাৰ তথ্যৰ ওপৰত ভিত্তি কৰি এই অভিযানটো আৰম্ভ কৰা হৈছিল বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

আনহাতে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(CISF)ৰ বিবৃতি অনুসৰি সন্ত্ৰাসবাদীয়ে সেনা কঢ়িয়াই নিয়া এখন বাছক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল আৰু এজন সহকাৰী উপ পৰিদৰ্শক নিহত হৈছিল।

চিআইএছএফৰ এজন বিষয়াই কয় যে সন্ত্ৰাসবাদীয়ে পুৱা ১৫ জন সেনা জোৱান কঢ়িয়াই নিয়া এখন বাছত আক্ৰমণ কৰিছিল।

“চিআইএছএফে তৎক্ষণাত প্ৰতি আক্ৰমণ কৰে আৰু সন্ত্ৰাসবাদী গোটটোক পলাই যাবলৈ বাধ্য কৰে। এজন চিআইএছএফ বিষয়া নিহত হৈছিল আৰু আন চাৰিজন সংঘৰ্ষত আহত হৈছিল।”— তেওঁ কয়।