NORTHEAST NOW (Assamese)
অসম

মহানগৰীত পুনৰ জঘন্য কাণ্ড: দলবদ্ধ ধৰ্ষণৰ বলি যুৱতী

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী April 22, 2022 1:20 pm
Rape in Guwahati

মহানগৰীত পুনৰ সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ দৰে জঘন্য কাণ্ড পোহৰলৈ আহিছে। মহানগৰীৰ হাতীগাঁৱত এগৰাকী যুৱতীক ৩ যুৱকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি মহানগৰীৰ এম মানস্ত্রিম টেকনলজি নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱতীগৰাকীক কাৰ্যালয়ৰে তিনি কৰ্মচাৰীয়ে ধৰ্ষণ কৰে।

যুৱতীগৰাকীয়ে জানিবলৈ দিয়া মতে যোৱা বুধবাৰে এই ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে হাতীগাঁও থানাত গোচৰ ৰুজু কৰিছে।

এই অভিযোগৰ পিছতে হাতীগাঁও আৰক্ষীয়ে অভিযুক্ত ৩ যুৱকৰ লগতে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীকো গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা অভিযুক্ত যুৱক তিনিজন ক্ৰমে নাইমুদ্দিন আলী, মুকুল ইছলাম, আশ্ৰাফুল আমিন।

আনহাতে এই ঘটনা গাপ দিয়াৰ অভিযোগত আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰফিক আলিক গ্ৰেপ্তাৰ কৰে।

ইফালে গ্ৰেপ্তাৰৰ পিছতে অভিযুক্ত যুৱক কেইজনে যুৱতী গৰাকীৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ তুলিছে।

যুৱক কেইজনৰ মতে যুৱতী গৰাকীয়ে দাবী কৰা পাঁচ হাজাৰ টকা আদায় দিবলৈ অমান্তি হোৱাৰ বাবে তেওঁলোকক ভুৱা অভিযোগত অভিযুক্ত কৰা হৈছে।

ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পাছতেই ঘটনাৰ সত্যতা সম্পৰ্কে জানিব পৰা হ’ব বুলি আৰক্ষীয়ে উল্লেখ কৰে।