NORTHEAST NOW (Assamese)
অসম

ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত উত্তাল দুধনৈ

Posted by: নীলমণি শৰ্মা ,কৃষ্ণাই Updated by: নীলমণি শৰ্মা ,কৃষ্ণাই April 22, 2022 1:51 pm

ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত উত্তাল হৈ পৰিছে দুধনৈকে ধৰি সমগ্ৰ ৰাভা হাছং এলেকা৷

গোৱালপাৰা জিলা আৰছু, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী সমিতিৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে দুধনৈৰ লগতে ৰাভা হাছঙৰ আকাশ বতাহ৷

ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত নিখিল ৰাভা মহিলা পৰিষদ আৰু আৰছুৰ তিনি সহস্ৰাধিক সদস্যই বিভিন্ন শ্লোগানেৰে  মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে৷

তিনি জাতীয় সংগঠনে শীঘ্ৰেই ৰাভা হাছঙক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত দুমাহজোৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷

ৰাভা হাছং  যৌথ সংগ্ৰাম সমিতি শাসকীয় চৰকাৰ খনৰ অংশীদাৰ হোৱা সত্বেও চৰকাৰে ৰাভা সকলৰ অমীমাংসিত সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি তিনি জাতীয় সংগঠনে এনেদৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷

এই দুমহীয়া আন্দোলনৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিচতো যদি চৰকাৰে ৰাভা জনগোষ্ঠীৰ অমীমাংসিত সমস্যা সমূহ সমাধান নকৰে তেন্তে পুনৰ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি তিনি জাতীয় সংগঠনে সকিয়াই দিছে।