NORTHEAST NOW (Assamese)

‘মুখ্যমন্ত্ৰী’ নাটকৰ যৱনিকা! একেখন বিমানেৰে দিল্লীলৈ ৰাওনা হ’ল হিমন্ত-সৰ্বানন্দ

May 8, 2021 9:34 am · এন ই নাও নিউজ
Updated: May 8, 2021 11:03 am

ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ চলি থকা একপ্ৰকাৰৰ অচলাৱস্থাৰ যেন আজি অৱসান ঘটিব।

দিল্লীৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ মৰ্মে আজি পুৱাই বিশেষ বিমানযোগে দিল্লীলৈ উৰা মাৰে দুইগৰাকী শীৰ্ষ নেতা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিধায়ক বিমল বৰা যোৱাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গৈছে বিধায়ক তৰংগ গগৈ।

নেতা দুগৰাকীয়ে আজি পুৱা ১০-৩০বজাত দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰিব। ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ বাসগৃহত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পাছতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৰাকীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে।

বিশেষ সূ্ত্ৰৰ খৱৰ মতে ইতমধ্যে কেন্দ্ৰীয় নেতৃত্বই পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিছে আৰু এতিয়া নেতা দুগৰাকীক একেলগে বহুৱাই ৰাজ্যখনত বিজেপি চৰকাৰখনৰ পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিব।

বিজেপিৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই অসমত দলটোক দীঘলীয়া সময়ৰ বাবে আগবঢ়াই নিয়াৰ স্বাৰ্থত এগৰাকী সৰ্বজনগ্ৰাহ্য নেতা নিৰ্বাচনৰ ওপৰত গুৰুত্ব দিয়া বুলি জানিব পৰা গৈছে।

Related News