NORTHEAST NOW (Assamese)
অসম

লখিমপুৰ আৰক্ষীৰ জালত তিনিটাকৈ মটৰচাইকেল চোৰ

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ June 1, 2019 6:08 pm

লখিমপুৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা এক অভিযান চলাই তিনিটাকৈ মটৰচাইকেল চোৰক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন মটৰচাইকেল চোৰকেইটাক আৰক্ষীয়ে ক্ৰমে শদিয়াৰ মানস বৰা, পানীগাঁৱৰ ৰাকেশ পেগু আৰু পুহমৰাৰ জিতেন পাৱে ওৰফে বিকী ওৰফে সুবা বুলি চিনাক্ত কৰিছে।

ধৃত মটৰচাইকেল চোৰকেইটাই লখিমপুৰ জিলাৰ লালুক, নাওবৈচা, বিহপুৰীয়া, বান্দৰদোৱা আৰু বগীনদী আদিকে ধৰি বিভিন্ন ঠাইৰ পৰা মটৰচাইকেল চুৰি কৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ধৃত মটৰচাইকেল চোৰকেইটাই এটা মটৰচাইকেল চোৰৰ গেং  লখিমপুৰ জিলাত চলাই আছিল বুলি আৰক্ষী সূত্ৰ পৰা জানিব পৰা গৈছে। ফলত কালি আৰক্ষীয়ে শুকুৰবাৰে নিশা এক গোপন সূত্ৰৰ ভিত্তিত এক অভিযান চলাই তিনিওকে আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন মটৰচাইকেল চোৰকেইটাৰ পৰা আৰক্ষীয়ে তিনিখন মটৰচাইকেলো জব্দ কৰে।